বৰপেটাৰোড, 21 ডিচেম্বৰ :নিজৰ জন্মদিন সুকলমে পালন কৰিবলৈ কাৰ মন নাথাকে ৷ পিছে এই জন্মদিন পালনেই কাল হ'ল দুগৰাকী যুৱক-যুৱতীৰ ৷ সোমবাৰে সৰভোগৰ সমীপৰ বেকী নৈৰ দলঙত সংঘটিত হয় এক অগ্নিকাণ্ড ৷ জন্মদিনৰ কেক কটাৰ পূৰ্বে জ্বলোৱা মমবাতিৰ পৰা জুইৰ সূত্ৰপাত ঘটি আহত হয় দুগৰাকী যুৱক-যুৱতী (Two people burnt in birthday celebration) ৷
বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জানিবলৈ দিয়া অনুসৰি, সোমবাৰে AS 19 N 8376 নম্বৰৰ এখন বাহনৰে যুৱক-যুৱতী দুগৰাকীয়ে সৰভোগৰ বেকী নৈৰ দলঙত জন্মদিন উদযাপন কৰিবলৈ আহিছিল ৷ কিন্তু দুৰ্ভাগ্যক্ৰমে তাতেই অঘটনটো সংঘটিত হয় ৷ মমবাতিৰ পৰা সূত্ৰপাত ঘটা জুইৰ ফলত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় দুয়োগৰাকী ৷