জনীয়া, 3 জুলাই : জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ দুগৰাকী কৰ্মচাৰীৰ দেহত শুকুৰবাৰে ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি । উল্লেখ্য যে, ২৫ জুনত জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চ আৰু অন্যান্য কৰ্মচাৰীৰ স্বাৱ পৰীক্ষাৰ বাবে পঠিওৱা হৈছিল ।
জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰীৰ দেহত কোভিড-19 - Covid Positive in Jania Hospital
শুকুৰবাৰে জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ দুগৰাকী কৰ্মচাৰীৰ দেহত কোভিড-১৯ উপস্থিতি পোৱা গৈছে ৷ চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, মহিলা ৱাৰ্ডৰ বৰ্ণালী দাস আৰু ক্ষেত্ৰ কৰ্মী জীৱেশ্বৰ বৈশ্যৰ দেহত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি ৷

জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰীৰ দেহত কোভিড-19 পজিটিভ
জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰীৰ দেহত কোভিড-19 পজিটিভ
চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰতিবেদন অনুসৰি, মহিলা ৱাৰ্ডৰ বৰ্ণালী দাস আৰু ক্ষেত্ৰ কৰ্মী জীৱেশ্বৰ বৈশ্য আক্ৰান্ত হৈছে কোভিড-১৯ত ৷ ঘটনাক লৈ জনীয়া অঞ্চলত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : বটদ্ৰৱাই বাৰুকৈয়ে টানিছে ৰকিবুল-প্ৰদ্যুতক