বৰপেটাৰোড, 21ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ সৰভোগৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Barpeta) ৷ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে এখন মটৰ চাইকেল ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় মটৰ চাইকেলখনত অহা দুয়োজন আৰোহী(Two killed in Road accident at 31 national highway in Barpeta) ৷
জানিব পৰা মতে, এই ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ট্ৰাকসহ পলায়ন কৰে চালক ৷ তীব্ৰ বেগত অহা ট্ৰাকখনৰ দ্বাৰা সংঘটিত এই দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে, মটৰ চাইকেলখনত অহা দুয়োজন আৰোহীয়ে ঘটনাস্থলীতে সাৱতি ল’ব লগা হয় মৃত্যুক ৷ নিহত যুৱক দুজন সঞ্জীৱ পাল (৩৬) আৰু মৃত্যুঞ্জয় মিত্ৰ (৩৫) বুলি জানিব পৰা গৈছে ৷