ৰাজ্যত গোপনে বাহৰ মৌলবাদী সংগঠনৰঃ বৰপেটাৰ পৰা গ্ৰেপ্তাৰ জেহাদী - Bajali
ৰাজ্যত পুনৰ সন্ত্ৰাসৰ বেহা মেলিবলৈ খোপনি পুতিছে মৌলবাদী সংগঠনে ৷ শেহতীয়াকৈ নামনি অসমৰ বৰপেটা জিলাৰ পৰা গ্ৰেপ্তাৰ হয় দুটাকৈ মৌলবাদী সংগঠনৰ কৰ্মী ৷
পাঠশালা, 30 জুলাইঃ ৰাজ্যত পুনৰ খোপনি পুতিছে মৌলবাদী সংগঠনৰ সদস্যই ৷ কিছুবছৰ পূৰ্বেই নামনি অসমৰ বৰপেটা জিলাৰ পৰা জেহাদী গ্ৰেপ্তাৰ কৰাৰ পিচতেই মঙলবাৰে পুনৰ জিলাখনৰ দুঠাইৰ পৰা গ্ৰেপ্তাৰ হয় দুটাকৈ জেহাদী ৷ জিলাখনৰ ভৱানীপুৰ কৰাগাড়ী গাঁৱ আৰু কয়াকুছি পাম গাঁৱৰ পৰা গ্ৰেপ্তাৰ হয় জেহাদী দুটা ৷ গ্ৰেপ্তাৰ কৰা জেহাদী দুটা হাফিজুৰ ৰহমান আৰু ইয়াকুব আলী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ আটকাধীন হাফিজুৰ ৰহমান আৰু ইয়াকুব আলী জামাতুল মুজাহিদীনৰ সদস্য বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ হাফিজুৰ ৰহমানৰ ঘৰৰ পৰা অভিযানকাৰী দলে এটা হস্ত নিৰ্মিত পিষ্টলসহ চাৰি জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷