বৰপেটা, ২৩ মে’:শেহতীয়াকৈৰাজ্যতচৰকাৰ সলনি হোৱাৰ পাচতে সমগ্ৰ ৰাজ্যখনত চলি থকা গৰুৰ চোৰাং বেপাৰ বন্ধ কৰাৰ বাবে উঠি পৰি লাগিছে অসম আৰক্ষী ৷ বিশেষকৈ, ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতেই গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷
উল্লেখ্য যে, সমগ্ৰ অসমৰ কেইবাটাও প্ৰান্তত বহুকেইটা চোৰাং গৰু ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰাৰ পাচতেই দেওবাৰে, বৰপেটাৰ জেইল ৰোডৰ পৰা দুজনকৈ চোৰাং গৰু ব্যৱসায়ীক আটক কৰিলে বৰপেটা আৰক্ষীয়ে ৷ জানিব পৰা মতে, ধৃত চোৰাং গৰু ব্যৱসায়ী দুটাৰ নাম আনোৱাৰ হুছেইন আৰু আলাউদ্দিন শিকদাৰ ৷ দুয়োৰে ঘৰ বৰপেটা জিলাৰ কলগাছিয়াত ৷