বৰপেটা, ১৩ জুলাই: জিলা উপায়ুক্তৰ বাসভৱনৰ দুগৰাকীকৈ নিৰাপত্তাৰক্ষীৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পিচতে উপাযুক্ত মুনীন্দ্ৰ শৰ্মা,আটাই কেইগৰাকী অতিৰিক্ত উপায়ুক্তৰ স্বাৱ সংগ্ৰহৰ লগতে উপায়ুক্ত কাৰ্যালয় আৰু উপায়ুক্তৰ বাসভৱনত নিয়োজিত সকলো বিষয়া কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰ স্বাৱ পৰীক্ষা কৰা হৈছে ৷
বৰপেটাৰ উপায়ুক্তৰ বাসভৱনৰ দুই নিৰাপত্তাৰক্ষীৰ দেহত ক'ভিড-১৯ - বাসভৱন
দেওবাৰে বৰপেটাৰ উপায়ুক্তৰ বাসভৱনৰ দুগৰাকী নিৰাপত্তাৰক্ষীৰ দেহত ক'ভিড-১৯ পজিটিভ চিহ্নিত হোৱাৰ পিছতে জিলাখনৰ উপাযুক্ত কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীৰ স্বাৱ পৰীক্ষা কৰা হৈছে ৷ উপায়ুক্তৰ বাসভৱনৰ নিৰাপত্তাত নিয়োজিত খনীন্দ্ৰ দাস আৰু বীৰেণ দাসৰ লগতে বৰপেটাৰ ভাৰপ্ৰাপ্ত যোগান বিষয়া মন্টু কুমাৰ দাসো আক্ৰান্ত হৈছিল ক'ৰণাত ৷
বৰপেটাৰ জিলা উপায়ুক্তৰ বাসভৱনৰ দুই নিৰাপত্তাৰক্ষীৰ দেহত ক'ভিড-১৯
অৱশ্যে নিৰাপত্তাৰক্ষী দুগৰাকীৰ বাদে উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা,আনসকল বিষয়া, কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰ স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱা বুলি জানিব পৰা গৈছে ৷ ইপিনে বৰপেটা কোষাগাৰৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে উপায়ুক্তৰ নিৰাপত্তাৰ কনভয়ত থকা নিৰাপত্তাৰক্ষী সকলৰো সোমবাৰে স্বাৱ পৰীক্ষা কৰা হৈছে ৷
লগতে চাওকঃ বিগত পোন্ধৰ এখন দলঙৰ বাবে হাহাকাৰ কৰিছে গাওঁবাসীয়ে
Last Updated : Jul 13, 2020, 3:27 PM IST