বৰপেটাৰোড প্ৰেছ ক্লাৱত উন্মোচন দুখন গ্ৰন্থ - বৰপেটাৰোড প্ৰেছ ক্লাৱত উন্মোচন দুখন গ্ৰন্থ
বৰপেটাৰোড প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা হয় বহু কেইখন গ্ৰন্থ ৷ সভাত উপস্থিত থাকে বহু গণ্য-মান্য ব্যক্তি ৷
![বৰপেটাৰোড প্ৰেছ ক্লাৱত উন্মোচন দুখন গ্ৰন্থ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4951500-thumbnail-3x2-bk.jpg)
বৰপেটা, 3 অক্টোবৰ : দেওবাৰে বৰপেটাৰোড প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্নোচনী সভা ৷ সভাখনত বিশিষ্ট সাহিত্যিক তথা বিএইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমেন্দ্ৰ কুমাৰ দাসৰ উপস্থিতিত কবি,সাহিত্যিক মণিকা ভৌমিকৰ বাংলা ভাষাত কাব্য "জীৱনতো একটাই" উন্মোচন কৰে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে ৷ অনুষ্ঠানত জেষ্ঠ নাগৰিক দ্বীপেন বর্মন,বৰপেটাৰোড প্ৰেছ ক্লাৱৰ সভাপতি ভেইৰু কুমাৰ শৰ্মা, মঞ্জু দত্তসহ বিশিষ্ট সাহিত্যিক মানিকলাল ভৌমিক উপস্থিত থাকে ৷ অৱসৰপ্ৰাপ্ত বেংক বিষয়া,সাহিত্যিক মানিকলাল ভৌমিকে সুদীৰ্ঘ দিন সাহিত্য চৰ্চাৰ লগত জড়িত থাকি বহুকেইখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে ৷