বৰপেটা, ৭ জানুৱাৰী :ৰাজ্যৰ ভিন্ন প্ৰান্তত গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ উঠিছে (Car theft racket in Assam)। প্ৰায় প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাড়ী চোৰে লুটপাত চলাইছে । অৱশ্যে ঠায়ে ঠায়ে এই চক্ৰটোৰ বিৰুদ্ধে অভিযানো অব্যাহত ৰাখিছে আৰক্ষীয়ে । তেনে এক অভিযানৰ মাজতে বৰপেটা আৰক্ষীয়ে আটক কৰে গাড়ী চুৰি চক্ৰৰ লগত জড়িত দুজন যুৱকক (Barpeta police arrested two bike lifter)। কেৱল এয়াই নহয় ৩৯ খনকৈ চুৰি মটৰ চাইকেল উদ্ধাৰ কৰে আৰক্ষীয়ে ।
এখন দুখন নহয় ৩৯ খন চুৰি মটৰ চাইকেল । বৰপেটা সদৰ আৰক্ষী থানাত ভিৰ লাগিছে চুৰি মটৰ চাইকেলৰ । শাৰী শাৰীকৈ থোৱা হৈছে মটৰ চাইকেলসমূহ । শেহতীয়াকৈ বৰপেটা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে এই চুৰি মটৰ চাইকেলসমূহ (39 stolen bike recovered at Barpeta)। চুৰি মটৰ চাইকেলৰ লগতে আৰক্ষীয়ে দুটা চোৰকো গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে তদন্তৰ খাতিৰত এই পৰ্যন্ত চোৰৰ নাম সদৰী কৰা নাই বৰপেটা আৰক্ষীয়ে ৷
ইফালে চোৰে আৰক্ষীক দেখুৱাইছে মটৰ চাইকেল চুৰিৰ কৌশল ৷ কেনেদৰে তলা ভাঙি এখন মটৰ চাইকেল চুৰি কৰে সকলোবোৰ দেখুৱাইছে এটা চোৰে । ইফালে আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে বহু গুৰুত্বপূৰ্ণ তথ্য । মটৰ চাইকেল চুৰি চক্ৰটোৰ আছে বৃহৎ নেটৱৰ্ক (Bike lifter racket)। মটৰ চাইকেল চুৰি কৰি বিক্ৰী কৰা হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ অৱশ্যে একাংশ চুৰি মটৰ চাইকেল বহিঃৰাজ্যলৈও প্ৰেৰণ কৰে চোৰৰ চক্ৰটোৱে । মটৰ চাইকেল চুৰি কৰাৰ পাছত ভুৱা পঞ্জীয়ণ পত্ৰ তৈয়াৰ কৰাৰো লিংক আছে চুৰি চক্ৰটোৰ হাতত ।