অসম

assam

By

Published : Aug 11, 2021, 7:29 PM IST

ETV Bharat / state

বহৰিৰ পক্ষী নিধন ঘটনাৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ

বহৰিৰ শিলাগাঁৱৰ পক্ষী নিধনৰ ঘটনাৰে জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ ৷ শিলাগাঁৱৰ নিজ বাসগৃহৰ পৰাই নিশাই দুয়োকে গ্ৰেপ্তাৰ কৰে বন বিভাগে ৷

birds killing
বৰপেটাৰ বহৰিৰ পক্ষী নিধন ঘটনাৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ

বৰপেটা, ১১ আগষ্ট :বৰপেটাৰ বহৰিৰ শিলাগাঁৱত ১৯ জুলাইত পক্ষী নিধনৰ ঘটনা সংঘটিত হৈছিল । অৱশেষত পক্ষীসমূহৰ হত্যাৰ লগত জড়িত দুজন লোকক বন বিভাগে (Forest department) আটক কৰিবলৈ সক্ষম হয় । দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকা অভিযুক্ত দুজনক শিলাগাৱৰ নিজ বাসগৃহৰ পৰাই নিশা গ্ৰেপ্তাৰ কৰে বন বিভাগে ৷ ধৃত অভিযুক্ত দুজন হৈছে আচমত আলী আৰু মান্নান আলী ৷

ইয়াৰ পূৰ্বে নৱাব আলী নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বন বিভাগে ৷ উল্লেখ্য যে, বহৰিৰ শিলাগাৱৰ এই তিনি অভিযুক্তই চৰায়ে খেতি পথাৰ নষ্ট কৰিব নোৱাৰাকৈ ধানৰ বীজত কীটনাশক দ্ৰব্য (pesticide) মিহলাই বীজ সিচিছিল ৷ যাৰ ফলত কীটনাশক দ্ৰব্য মিহলোৱা ধানৰ বীজ খাই প্ৰায় তিনি শতাধিক পক্ষীৰ মৃত্যু হৈছিল ।

বহৰিৰ পক্ষী নিধন ঘটনাৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ

১৯ জুলাইত এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীয়ে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল ৷ এই নিৰ্দেশৰ পিছতে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱ শিলাগাঁৱত উপস্থিত হৈ পক্ষী নিধনৰ ঘটনাটো আৰক্ষীৰ পৰিৱৰ্তে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ACF ৰণজিৎ দত্তক তদন্তৰ দায়িত্ব প্ৰদান কৰিছিল ৷

বন বিভাগে পক্ষী নিধনৰ ঘটনাটোৰ তদন্ত কৰি ঘটনাটোৰ সৈতে জড়িত উক্ত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে মঙলবাৰে দুই অভিযুক্তক গ্ৰেপ্তাৰৰ পাছতেই বন বিভাগে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই যদিও আদালতে দুয়োকে জামিনত মুকলি কৰি দিয়ে ৷

লগতে পঢ়ক :শিৱসাগৰত বিধায়ক অখিল গগৈৰ প্ৰতিকৃতি দাহ

ABOUT THE AUTHOR

...view details