অসম

assam

ETV Bharat / state

বৰপেটাৰোডত দুৰ্ধৰ্ষ ট্ৰাক হাইজেকাৰ আটক - barpeta truck hijack news

সৰভোগৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নৈৰ কাষৰ পৰা চাহপাত ভৰ্তি এখন ট্ৰাক হাইজেক কৰা এজন দুৰ্ধৰ্ষ ডকাইতক সৰভোগ আৰক্ষীয়ে শনিবাৰে নিশা আটক কৰিবলৈ সক্ষম হৈছে ৷ ট্ৰাক হাইজেক কৰি আৰক্ষীৰ জালত পৰা দুৰ্ধৰ্ষ ডকাইত জনৰ নাম মনছেৰ আলী ৷

দুৰ্ধৰ্ষ ট্ৰাক হাইজেকাৰ আটক

By

Published : Nov 24, 2019, 4:43 PM IST

বৰপেটাৰোড, 24 নবেম্বৰ: 25 অক্টোবৰত সৰভোগৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নৈৰ কাষৰ পৰা WB 23C 9188 নম্বৰৰ চাহপাত ভৰ্তি এখন ট্ৰাক ছজনীয়া ডকাইতৰ দল এটিয়ে হাইজেক কৰি নিছিল ৷ এই কথা জনাই সৰভোগ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক সঞ্জীৱ কুমাৰ দাসে ৷ হাইজেক কৰা ট্ৰাকখন উদ্ধাৰৰ বাবে সৰভোগ আৰক্ষীয়ে সেই দিনাৰ পৰাই অভিযান অব্যাহত ৰাখিছিল যদিও অৱশেষত আৰক্ষী পৰিদৰ্শক সঞ্জীৱ কুমাৰ দাসে সফলতা অৰ্জন কৰিছে ৷ ট্ৰাক হাইজেক কৰা দুৰ্ধৰ্ষ ডকাইত মনছেৰ আলীক(২৪) শনিবাৰে নিশা ৰহা গাঁৱৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত ডকাইত জনে আৰক্ষীক স্বীকাৰোক্তি দিয়া মতে এই ট্ৰাক হাজেকৰ ঘটনাৰ লগত আন পাচঁজন দুৰ্ধৰ্ষ ডকাইত জৰিত আছে ৷ সেই দুৰ্ধৰ্ষ ডকাইত কেইজন হল ৰফিক মোল্লা, চিৰাজ আলী, নুৰ মহম্মদ খান, নুৰ ইছলাম আৰু আয়নাল ওৰফে ছাদ্দাম ৷

দুৰ্ধৰ্ষ ট্ৰাক হাইজেকাৰ আটক
ইতিমধ্যে, সৰভোগ আৰক্ষীয়ে ৰফিক মোল্লা নামৰ দুৰ্ধৰ্ষ ডকাইতটোক কৰায়ত্ত কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে ৷ আটক কৰা দুৰ্ধৰ্ষ ডকাইত মনছেৰ আলীৰ মোবাইলত ট্ৰাক হাইজেক কৰাৰ যথেষ্ট প্ৰমাণ লাভ কৰিছে সৰভোগ আৰক্ষীয়ে ৷ উল্লেখ্য যে যোৱা নিশা সৰভোগ আৰক্ষীয়ে কৰায়ত্ত কৰা এই গৰাকী দুৰ্ধৰ্ষ ডকাইত মনছেৰ আলীৰ আজি বিবাহৰ দিন আছিল ৷

ABOUT THE AUTHOR

...view details