পাঠশালা,২৫ মাৰ্চ :পাঠশালাৰ ভূটান চকত মঙলবাৰে নিশা কৰ্তব্যৰত অৱস্থাত আছিল আৰক্ষীৰ এটা দল ৷ সেইসময়ত ৰাজপথত অবাধে চলাচল কৰি আছিল বহুকেইখন ট্ৰাক ৷ আৰক্ষীয়ে ট্ৰাকবোৰৰ তালাচী চলাই থকাৰ সময়তে এখন ট্ৰাকে প্ৰথমে আৰক্ষীক খুন্দিওৱাৰ চেষ্টা চলায় ৷ তাৰ পাচতেই ট্ৰাকৰ ড্ৰাইভাৰজনে ট্ৰাকখন নাতিদূৰৈলৈ আনি পথৰ মাজতে পথালিকৈ ৰখাই দিয়ে ৷ সেই স্থানত আন কেইবাজনো ড্ৰাইভাৰ গোটাই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ ঘটনাস্থলীত পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু দুগৰাকী কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হোৱাত ট্ৰাক চালকজনে সকলো বাধা নিষেধ উলংঘা কৰি ট্ৰাকখন লৈ আঁতৰি যায় ৷
আৰক্ষী আৰু দণ্ডাধীশক হত্যাৰ চেষ্টা ট্ৰাক চালকৰ
পাঠশালৰ ৰাজপথত ট্ৰাক চালকৰ গুণ্ডাগিৰি ৷ 31নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰশাসনৰ লোকক আক্ৰমণৰ চেষ্টা ট্ৰাক চালকৰ ৷ কথমপি প্ৰাণ ৰক্ষা দুগৰাকী দণ্ডাধীশ আৰু কেইবাগৰাকীও আৰক্ষীৰ ৷
আৰক্ষীয়ে ট্ৰাকখন ৰখাবৰ বাবে ভৱানীপুৰত লোৰ বেৰিকেড দি পথ বন্ধ কৰে যদিও ট্ৰাক ড্ৰাইভাৰ গৰাকীয়ে বেৰিকেড ভাঙি আঁতৰি যায় ৷ শেষত আৰক্ষীয়ে গলীয়াত পথৰ মাজত দুখন ট্ৰাক ৰখাই চালকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ ট্ৰাক চালকজনে খুন্দিয়াই মৰাৰ চেষ্টা চলাইছিল এগৰাকী আৰক্ষী বিষয়াক ৷ তিনিচুকীয়াৰ পৰা কয়লা কঢ়িয়াই আনিছিল ট্ৰাকখনে ৷ এনেদৰেই নিশা হ'লে ৰাজপথত প্ৰায়েই দৌৰাত্ম্য চলাই একাংশ ট্ৰাক চালকে ৷ যাৰ ফলত বহু অকল্পনীয় ঘটনা ঘটাৰো উদাহৰণ আছে ৷
লগতে পঢ়ক :আৰক্ষীৰ বিৰুদ্ধে কৰ্মত গাফিলতিৰ অভিযোগ ৰাইজৰ