বৰপেটা, 17 ছেপ্তেম্বৰ : ৰাজ্যৰ বন মন্ত্ৰীয়ে বন বিভাগটোক নিকা আৰু দুৰ্নীতিমুক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও ৰাজ্যত প্ৰতিদিনে অব্যাহত আছে চোৰাং কাঠৰ অবাধ সৰৱৰাহ ৷ একেদৰে মেঘালয়ৰ পৰা বৰপেটালৈ নিৰ্বিবাদে প্ৰতি নিশাই সৰবৰাহ হৈ আছে কাঠ ভৰ্তি ট্ৰাক ৷ চোৰাং কাঠ ব্যৱসায়ীয়ে নিজে সুৰক্ষা দি পাৰ কৰাই আহিছে চোৰাং কাঠৰ ট্ৰাকসমূহ ৷
আনকি কৰ্তব্যৰত চৰকাৰী বিষয়া কৰ্মচাৰীক ভাবুকি পৰ্যন্ত দি বলপুৰ্বকভাৱে কাঠৰ গাড়ী পাৰ কৰিবলৈ চেষ্টা চলোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে বৰপেটাত । বৰপেটা জিলা পৰিবহন বিভাগৰ এনফ'ৰ্চমেণ্ট বিষয়াৰ নেতৃত্বত বৰপেটা-হাউলী পথত নিশাৰ নিয়মীয়া তালাচীৰ সময়ত জব্দ কৰা হয় এ এচ ২৫ এ চি ১২৬৪ নম্বৰৰ কাঠভৰ্তি ট্ৰাকখন ৷
পিচে কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰাৰ পিচতে ট্ৰাকখনৰ আগে আগে নিৰাপত্তা দি এখন বলেৰ'ত অহা যুৱকৰ এটা দলে পৰিবহন বিষয়াৰ দলটোক আগচি ধৰি বলপূৰ্বকভাৱে ট্ৰাকখন মোকলাই নিয়াৰ চেষ্টা চলায় ৷