জনীয়া,১০ মে': দেওবাৰে নিশা বৰপেটাৰ জনীয়াত দুৰ্ঘটনাত পতিত হ'ল এখন ঔষধ ভৰ্তি ট্ৰাক । অভয়াপুৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ সময়তে নিশা এই দুৰ্ঘটনা সংঘটিত হয় । জনীয়া বজাৰৰ গাঁৱৰক্ষী বাহিনীয়ে জানিবলৈ দিয়া মতে, নিয়ন্ত্ৰণ হেৰুৱাই জনীয়াৰ তিনিআলি চ'কত ডিভাইডাৰত খুন্দিয়ায় তীব্ৰবেগী ট্ৰাকখনে ।
জনীয়াত ঔষধ ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত - বৰপেটাৰ জনীয়া
বৰপেটাৰ জনীয়াত দেওবাৰে নিশা সংঘটিত হ'ল পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দিয়ালে তীব্ৰবেগী ট্ৰাকখনে । কথমপি প্ৰাণৰক্ষা চালক-হেণ্ডিমেনৰ ।
জনীয়া তিনি আলি চ'কত পথ দুৰ্ঘটনা
দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে চালক আৰু হেণ্ডিমেনৰ । গাঁৱৰক্ষী বাহিনীয়ে দুৰ্ঘটনাৰ বিষয়ে বৰপেটা আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।
আনহাতে, জনীয়াৰ তিনিআলি চ'কত যান-বাহন আৰক্ষী নিয়োজিত নকৰাৰ বাবে সঘনাই এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । উক্ত স্থানত শীঘ্ৰে যান-বাহন আৰক্ষী নিয়োজিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে ।
লগতে পঢ়ক: পুৱাৰে পৰা ক'ভিড ভেকচিন ল'বলৈ খোৱাঙত ভিৰ ৰাইজৰ