বৰপেটা, 8 আগষ্ট:দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ (75th Independence Day) লগত সংগতি ৰাখি দেশজুৰি আয়োজন কৰা হৈছে "আজাদী কা অমৃত মহোৎসৱ" (Azadi ka Amrit Mahotsav) ৷ ইয়াৰ অংশ হিচাপে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানা (Tarabari Police Station) আৰু থানা এলেকাৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত সোমবাৰে এক ত্ৰিৰংগা যাত্ৰা উলিওৱা হয় (Triranga Yatra in Barpeta) ।
তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত তাৰাবাৰী আৰক্ষী থানাৰ পৰা বহৰি, চেঙা, চেঙা মুছলমান গাঁও হৈ পুনৰ চেঙা চক-বজাৰলৈ প্ৰায় ১০ কিলোমিটাৰ খোজকাঢ়ি এই সমদলৰ সামৰণি পৰে ৷ এই সমদলত অংশগ্ৰহণ কৰা সকলোৱে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ ত্ৰিৰংগা যাত্ৰা উলিয়াই বন্দে মাতৰম, ভাৰত মাতা কি জয়, ধ্বনিৰে মুখৰিত কৰি তোলে বৰপেটাৰ আকাশ বতাহ ।