বৰপেটা,১১ আগষ্ট: ৭৫ তম স্বাধীনতা দিৱস(75th Independence Day) উপলক্ষে ভাৰত চৰকাৰে উদযাপন কৰা 'স্বাধীনতাৰ অমৃত মহোৎসৱ'(Azadi ka Amrit Mahotsav)ৰ অংশ হিচাপে বৰপেটা জিলা আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিছে 'হৰ ঘৰ ত্ৰিৰংগা'(Har Ghar Triranga) শীৰ্ষক সজাগতামূলক অভিযান । জিলাখনৰ বিভিন্ন থানা এলেকাত আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত চলিছে এই সজাগতামূলক অভিযান(Bike Rally in Barpeta) ।
ইতিমধ্যে বৰপেটা ৰোড, হাউলী, সৰভোগ, বৰপেটা সদৰ আদি এলেকাত সজাগতামূলক বাইক ৰেলী অনুষ্ঠিত কৰাৰ পিছত বৃহস্পতিবাৰে আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত সৰ্থেবাৰী থানা এলেকা আৰু তাৰাবাৰী আৰক্ষী থানা এলেকাত 'হৰ ঘৰ ত্ৰিৰংগা' শীৰ্ষক সজাগতামূলক অভিযান চলায় । এক বৃহৎ বাইক ৰেলীৰে এই অভিযান চলায় বৰপেটা জিলা আৰক্ষী প্ৰশাসনে ।