অসম

assam

By

Published : Apr 23, 2021, 4:57 PM IST

ETV Bharat / state

নলবাৰীত কন্ঠশিল্পী ভিতালী দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নলবাৰী জিলাৰ দৌলাশালস্থিত বিৰিণা গোষ্ঠীৰ মুখ্য কাৰ্যালয়ত প্ৰয়াত শিল্পী ভিতালী দাসৰ আত্মাৰ সদগতি কামনা কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকে ।

নলবাৰীত কন্ঠশিল্পী ভিতালী দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
নলবাৰীত কন্ঠশিল্পী ভিতালী দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

বৰপেটা, ২৩ এপ্ৰিল:ৰাজ্য তথা দেশত কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে বুধবাৰে বিয়লি কৰ'ণাত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুৱালে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসে। ভিতালী দাসৰ অকাল বিয়োগত সাংস্কৃতিক কৰ্মীসকলৰ লগতে সৰ্বসাধাৰণ লোক শোকত ম্ৰিয়মান হৈ পৰিছে ।

বৃহস্পতিবাৰে সন্ধিয়া নলবাৰী জিলাৰ দৌলাশালস্থিত বিৰিণা গোষ্ঠীৰ মুখ্য কাৰ্যালয়ত প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকে ।

নলবাৰীত কন্ঠশিল্পী ভিতালী দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ভিতালী দাসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আঁত ধৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে । অনুষ্ঠানত প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । উক্ত অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট লোকে ভিতালী দাসৰ জীৱন আৰু গীতৰ ওপৰত এক বিশ্লেষণ আগবঢ়ায় । সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি অনুষ্ঠানটো আয়োজন কৰা হয় ।

লগতে পঢ়ক:তামোল-পাণৰ শৰাইলৈ অপহৃত পুত্ৰৰ মুক্তি বিচাৰিলে এহাল পিতৃ-মাতৃয়ে

ABOUT THE AUTHOR

...view details