অসম

assam

ETV Bharat / state

বৰপেটাত শিল্পী পুৰুষোত্তম দাসলৈ শ্ৰদ্ধাঞ্জলি - Tribute to purukhottam das at Barpeta

দেওবাৰে সমগ্ৰ জাতিয়ে বিষ্ণু প্ৰসাদ ৰাভাক সোঁৱৰণ কৰাৰ মুহুৰ্ততে বৰপেটাত শিল্পী পুৰুষোত্তম দাসলৈ জনোৱা হয় শ্ৰদ্ধাঞ্জলি ৷ তাঁতিকুছি নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে স্মৰণ কৰে অসমীয়া লোক সংগীতৰ উদ্ধাৰত নামি পৰা আৰু অসমীয়া সংগীতৰ প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পুৰুষোত্তম দাসক ৷

tribute-to-purukhottam-das-at-barpeta
বৰপেটাত শিল্পী পুৰুষোত্তম দাসলৈ শ্ৰদ্ধাঞ্জলি

By

Published : Jun 20, 2021, 5:39 PM IST

বৰপেটা, 20 জুন : আজি সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুতিথি ৷ বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথিৰ দিনটোতে অসমৰ সংগীতজগত উকা কৰি চিৰদিনলৈ আঁতৰি গৈছিল গীতিকাৰ, সুৰকাৰ, সংগীতজ্ঞ তথা ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন’ গীতৰ স্ৰষ্টা পুৰুষোত্তম দাস ৷ ৰাভা দিৱস উপলক্ষে দেওবাৰে সমগ্ৰ জাতিয়ে বিষ্ণু প্ৰসাদ ৰাভাক সোঁৰণ কৰাৰ মুহুৰ্তত বৰপেটাৰ তাঁতিকুছি নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে স্মৰণ কৰে অসমীয়া লোক সংগীতৰ উদ্ধাৰত নামি পৰা আৰু অসমীয়া সংগীতৰ প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা পুৰুষোত্তম দাসক ৷

তাঁতিকুছি নামৰ সামাজিক-সাংস্কৃতিক সংগঠনটোৱে ক'ভিড প্ৰট'কল মানি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷ দেওবাৰে যুগজয়ী শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি তৰ্পণেৰে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷ লগতে পুৰুষোত্তম দাসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰে তাঁতীকুছিৰ মুখপাত্ৰ হৰেকৃষ্ণ দাস, সম্পাদক পুৰুষোত্তম দাসৰ লগতে সংস্থাটোৰ সদস্যসকলে ৷

বৰপেটাত শিল্পী পুৰুষোত্তম দাসলৈ শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে, সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুতিথি উপলক্ষে দেওবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় ৰাভা দিৱস ৷ ১৯৬৯ চনৰ ২০ জুনত অৰ্থাৎ আজিৰ দিনটোত অসমৰ কলা-সংস্কৃতিৰ মহীৰূহ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল । কিন্তু সকলোৱে মাত্ৰ এটা দিনত মনত ৰাখে, তাৰ পিছত পুনৰ আনটো বছৰলৈ পাহৰি যায় । তেতিয়াৰ পৰাই ৰজাঘৰীয়া আৰু প্ৰজাঘৰে এই গৰাকী মহান সৈনিক শিল্পীক সকলোৱে সুঁৱৰি আছে ।

ৰাভাৰ কৰ্মস্থান সাংস্কৃতিক নগৰী তেজপুৰত এই মহান শিল্পী গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ তল কলিবাৰীত । কিন্তু বহু বছৰ পিছত অসম চৰকাৰে এই গৰাকী মহান শিল্পীৰ সমাধিস্থলী সংৰক্ষণ কৰিছিল যদিও বৰ্তমান এই ঠাই সংৰক্ষণৰ অভাৱত জৰাজীৰ্ণ অৱস্থাত উপনীত হৈছে । সংস্কৃতিৰ নগৰী তেজপুৰত এইগৰাকী মহান শিল্পীৰ এটা সংগ্ৰহালয়ৰ বাবে এটুকুৰা সংৰক্ষিত ঠাই বিগত সময়চোৱাত দিব নোৱাৰিলে জিলা প্ৰশাসনে ।

লগতে পঢ়কঃজৰাজীৰ্ণ অৱস্থাত কলাগুৰুৰ সমাধিস্থলী

ABOUT THE AUTHOR

...view details