অসম

assam

বৰপেটাৰোডত অভিশপ্ত 30 অক্টোবৰত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি

অভিশপ্ত 30 অক্টোবৰত নিহত হোৱা সকলক শনিবাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ নিহত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে চহৰখনৰ চৌধুৰী শ্বপিং কমপ্লেক্সৰ সন্মুখত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

By

Published : Oct 30, 2021, 8:43 PM IST

Published : Oct 30, 2021, 8:43 PM IST

CURSED OCTOBER 30
বৰপেটাৰোডত অভিশপ্ত 30 অক্টোবৰত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি

বৰপেটাৰোড, 30 অক্টোবৰ : সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত বৰপেটাৰোডত নিহত হোৱা সকলক শনিবাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ নিহত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে চহৰখনৰ চৌধুৰী শ্বপিং কমপ্লেক্সৰ সন্মুখত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত মমবাতি জ্বলাই নিহত সকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনোৱা হয় ৷

বৰপেটাৰোডত অভিশপ্ত 30 অক্টোবৰত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি

বোমা বিস্ফোৰণৰ মূল মাষ্টাৰ মাইণ্ড ৰঞ্জন দৈমাৰীক গেষ্ট হাউচত ৰাখি চৰকাৰে ৰাজ আতিথ্য দিয়াৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ ৰাইজে ৷ ৰঞ্জন দৈমাৰীৰ লগতে এই ঘৃণনীয় কাৰ্যৰ লগত জড়িত থকা সকলক দৃষ্টামূলক শাস্তি প্ৰদান কৰিবলৈও দাবী উত্থাপন কৰে বৰপেটাৰোড নিবাসীসকলে ৷

উল্লেখ্য যে, কাৰাগাৰতে ৰাজ আতিথ্যত থকা ৰঞ্জন দৈমাৰীৰ ৬ ডিচেম্বৰৰ পৰা হ'ব দৈনিক শুনানি । বিস্ফোৰণত চিৰজীৱনৰ বাবে পংগুত্বক আঁকোৱালি লােৱা বহুজনে প্রতি মূহুর্ততে আর্তনাদ কৰাৰ বিপৰীতে ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুক্তিৰ বাবেহে এতিয়া প্ৰক্ৰিয়া সম্পূর্ণ কৰি তােলা হৈছে । সেই ক'লা দিনটোৰ কথা মনত পৰিলে আজিও ভুক্তভােগী লােকসকলে শিহৰিত হৈ উঠে ।

লগতে পঢ়ক:অভিশপ্ত ৩০ অক্টোবৰ : মুক্তি পাব নেকি মূল অভিযুক্ত ৰঞ্জন দৈমাৰীয়ে !

ABOUT THE AUTHOR

...view details