বৰপেটা, ১৪ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক আত্ম-নিৰ্ভৰশীল কৰি তুলিবলৈ ৰাজ্য চৰকাৰে গ্ৰহন কৰিছে স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ আঁচনি ৷ এই আঁচনিৰ জৰিয়তে উদ্যোগ স্থাপনৰ বাবে নিবনুৱা যুৱক-যুৱতীসকলক উদ্যোগ বিভাগে আগবঢ়াব সহায়ৰ হাত ৷
নিবনুৱাক সংস্থাপনৰ লক্ষ্যৰে বৰপেটাত ৫,৪০০ জনলৈ ঋণ - indrustry
উদ্যোগ স্থাপনৰ বাবে নিবনুৱা যুৱক-যুৱতীসকলক উদ্যোগ বিভাগে আগবঢ়াব সহায়ৰ হাত
![নিবনুৱাক সংস্থাপনৰ লক্ষ্যৰে বৰপেটাত ৫,৪০০ জনলৈ ঋণ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2451313-815-772792c6-9355-4373-8edf-ab7883c14abb.jpg)
স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ আঁচনিৰ শুভাৰম্ভ
উদ্যোগ স্থাপনৰ বাবে নিবনুৱা যুৱক-যুৱতীসকলক উদ্যোগ বিভাগে আগবঢ়াব সহায়ৰ হাত
বৰপেটা জিলাত এই আচনিৰ জৰিয়তে ৫,৪০০ গৰাকী নিবনুৱাক উদ্যোগ স্থাপনৰ বাবে ঋণ প্ৰদান কৰিব বুলি জিলা উদ্যোগ কেন্দ্ৰৰ বিষয়াই জানিবলৈ দিছে ৷ এই অনুষ্ঠানতে আজি ৮০০ গৰাকী নিবনুৱা যুৱক যুৱতীক বেংকৰ ঋণ মঞ্জুৰি পত্ৰ প্ৰেৰণ কৰা হয়। অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, অনিল দাস, শংকৰ দাস আদিৰ লগতে বেংক বিষয়াসকলো উপস্থিত থাকে।