অসম

assam

ETV Bharat / state

বৈশ্বিক বজাৰত অসমীয়া মহিলাৰ সৃজনশীলতাঃ ভাৰতীয় সেনা আৰু অসীম ফাউণ্ডেছনৰ যুটিয়া প্ৰচেষ্টা - পাৰম্পৰিক ডিজাইন

অসমৰ তাঁতশালত মহিলাসকলে সৃষ্টি কৰা সৃজনশীলতাক চাহিদা অনুসৰি বিভিন্ন ডিজাইন প্ৰস্তুত কৰি আন্তৰ্জাতিক বজাৰত স্থান দখল কৰাটোও অন্যতম উদ্দেশ্য ৷

TRADITIONAL WEAVES FROM ASSAM TO GLOBAL MARKET: JOINT INITIATIVE BY INDIAN ARMY AND ASEEM FOUNDATION
বৈশ্বিক বজাৰত অসমীয়া মহিলাৰ সৃজনশীলতা ..

By

Published : Sep 1, 2020, 10:47 PM IST

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ: ভাৰতীয় সেনা আৰু অসীম ফাউণ্ডেচনৰ যুটিয়া প্ৰচেষ্টাত বৰপেটা জিলাত হাতেৰে প্ৰস্তুত কৰা স্ক্ৰাফে বৈশ্বিক বজাৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ যেতিয়া বৰপেটাৰ সৰভোগ গাঁৱৰ 49 বছৰীয়া কল্পনা বৰ্মণে ভাৰতীয় চহৰসমূহ আৰু বিদেশী ৰাষ্ট্ৰৰ আৱশ্যকতা অনুসৰি পাৰম্পৰিক ডিজাইন সমূহক বৃদ্ধি কৰিবলৈ ভাৰতীয় সেনা আৰু অসীম ফাউণ্ডেচনৰ সৈতে যুক্ত হৈ উদ্যোগ হাতত লয় ৷ তেতিয়া তেখেতে অনুভৱ কৰিব নোৱাৰিলে যে তেখেতৰ পাৰম্পৰিক দক্ষতাই জাতীয় প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ‘ব ৷

উক্ত প্ৰকল্পটোৰ লক্ষ্য ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি তথা আত্মনিৰ্ভৰশীলতাৰ মাধ্যমেৰে উপাৰ্জনৰ পথ প্ৰশস্ত কৰা ৷

তদুপৰি অসমৰ তাঁতশালত মহিলাসকলে সৃষ্টি কৰা সৃজনশীলতাক চাহিদা অনুসৰি বিভিন্ন ডিজাইন প্ৰস্তুত কৰি আন্তৰ্জাতিক বজাৰত স্থান দখল কৰাটোও অন্যতম উদ্দেশ্য ৷

লগতে পঢ়ক: কালদিয়াৰ খহনীয়াই খেদিছে পশা কেতেকীবাৰী গাঁৱক

ABOUT THE AUTHOR

...view details