জনীয়া,12 ফেব্ৰুৱাৰীঃ কলগাছিয়া আৰক্ষী থানা এলেকাত অবৈধ বালি আৰু মাটি কঢ়িওৱা ট্ৰেক্টৰৰ বাবে যাতায়তৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই। দিনে নিশাই মাটি কঢ়িওৱা ট্ৰেক্টৰৰ বাবে কলগাছিয়া এলেকাত নিতৌ সংঘটিত হৈছে পথ দুর্ঘটনা । দুদিন পূৰ্বে কলগাছিয়া ষ্টেট বেংকৰ সন্মুখত পথ দুর্ঘটনা সংঘটিত হোৱাৰ পিছত বৃহস্পতিবাৰে পুনৰ আন এক পথ দুর্ঘটনা সংঘটিত হয় ।
কলগাছিয়াত ট্ৰেক্টৰৰ খুন্দাত গুৰুতৰ ভাবে আহত এজন - পথ দুর্ঘটনা
কলগাছিয়া ষ্টেট বেংকৰ সন্মুখত পথ দুর্ঘটনা। ট্ৰেক্টৰ চালকৰ দৌৰাত্মৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো ৷ এজন কিশোৰৰ দেহৰ ওপৰেদি পাৰ হৈ যায় বালি কঢ়িওৱা ট্ৰেক্টৰ। গুৰুতৰ ভাবে আহত কিশোৰজনক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি।
![কলগাছিয়াত ট্ৰেক্টৰৰ খুন্দাত গুৰুতৰ ভাবে আহত এজন কলগাছিয়াত ট্ৰেক্টৰৰ খুন্দাত গুৰুতৰ ভাবে আহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10591473-743-10591473-1613093415765.jpg)
জানিব পৰা মতে, ডিমাপুৰ গাঁওৰ মহম্মদ আলীৰ পুত্ৰ ইমদাদুল হক নামৰ কিশোৰজনে গাখীৰ বিক্ৰী কৰি ঘৰলৈ উভতাৰ পথতে ষ্টেট বেংকৰ সন্মুখত অবৈধ ভাবে বালি কঢ়িওৱা AS-28C7491 নম্বৰৰ ট্ৰেক্টৰখন কিশোৰজনৰ শৰীৰৰ ওপৰেৰে পাৰ হৈ যায়। আনহাতে স্থানীয় ৰাইজে লগে লগে গুৰুতৰ ভাৱে আহত কিশোৰজনক উদ্ধাৰ কৰি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ট্ৰেক্টৰখন কলগাছিয়া আৰক্ষী থানালৈ লৈ যায় । উল্লেখ্যে যে, ট্ৰেক্টৰ ছালকজনৰ অনুজ্ঞাপত্ৰ নাই বুলি কিশোৰজনৰ পৰিয়ালৰ লোকে দাবী কৰিছে।
লগতে পঢ়কঃনগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ