অসম

assam

বৰপেটাত কৰ’ণাত আক্ৰান্ত মৃতকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

By

Published : May 3, 2021, 10:51 PM IST

বৰপেটাত সোমবাৰে কৰ’ণাত আক্ৰান্ত হৈ ৪ জন লোকৰ মৃত্যু হৈছে ৷ এই পৰ্যন্ত জিলাখনৰ ১৫ গৰাকীকৈ লোকে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ৷ সোমবাৰৰ দিনটোত জিলাখনত ১১৯ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ৷ এই পৰ্যন্ত জিলাখনত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ১২৬৭ লৈ জনলৈ বৃদ্ধি পাইছে ৷

total-15-covid-patient-death-in-barpeta-till-now
বৰপেটাত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ১৫ লৈ বৃদ্ধি পালে

বৰপেটা, ৩ মে': বৰপেটাত সোমবাৰে ৪ জনকৈ কৰ'ণাত আক্ৰান্ত লোকৰ মৃত্যু হৈছে ৷ এই পৰ্যন্ত জিলাখনৰ ১৫ গৰাকীকৈ লোকে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ৷ সোমবাৰৰ দিনটোত জিলাখনত ১১৯ গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগে লগে এই পৰ্যন্ত জিলাখনত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ১২৬৭ লৈ জনলৈ বৃদ্ধি পালে ৷

ইফালে বৰপেটাত ইতিমধ্যে মৃত্যুক সাৱটি লোৱা ১৫ গৰাকীৰ ভিতৰত ২১ ৰ পৰা ৩০ বছৰ বয়সৰ ১ গৰাকী মহিলা, ৪১ ৰ পৰা ৫০ বছৰ বয়সৰ ২ গৰাকী পুৰুষ আৰু ১ গৰাকী মহিলা, ৫১ ৰ পৰা ৬০ বছৰ বয়সৰ ১ গৰাকী পুৰুষ আৰু ১ গৰাকী মহিলা, ৬১ ৰ পৰা ৭০ বছৰ বয়সৰ ৬ গৰাকী পুৰুষ, ৭১ ৰ পৰা ৮০ বছৰ বয়সৰ ১ গৰাকী মহিলা আৰু ৮০ বছৰ উৰ্ধৰ ১ গৰাকী পুৰুষ আৰু ১ গৰাকী মহিলা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰই দখল কৰিলে বৰক্ষেত্ৰীৰ আসন

ABOUT THE AUTHOR

...view details