নিউজ ডেস্ক,20 জুলাই :অসম অলিম্পিক সংস্থাৰ উদ্য়োগত ২২ জুলাইৰ পৰা অসম যুৱ অলিম্পিক অনুষ্ঠিত হ'ব । অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰত হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহৰ সন্ধানৰ বাবে অসম চৰকাৰে এই ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰিছে । বিভিন্ন শিতানত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতালৈ জিলাসমূহৰ পৰা প্ৰতিযোগী প্ৰেৰণ কৰা হ'ব ।
অসমৰ বিভিন্ন জিলাৰ পৰা অসম যুৱ অলিম্পিকৰ শিখা প্ৰেৰণ এই উপলক্ষে অসম যুৱ অলিম্পিকত অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগীসকলৰ মাজত উৎসাহ বৃদ্ধিৰ লক্ষ্যৰে অসমৰ বিভিন্ন জিলাৰ পৰা অসম যুৱ অলিম্পিকৰ শিখা প্ৰেৰণ কৰা হৈছে । কাৰ্বি আংলং জিলাৰ ডিফুতো প্ৰায় শতাধিক যুৱ খেলুৱৈৰ অংশ গ্ৰহণেৰে অসম যুৱ অলিম্পিক ২০২২ ফ্লেমৰ সৈতে ডিফু কাছা ষ্টেডিয়ামত কাছাৰ সহযোগত এটা সামূহিক ৰিলে অনুষ্ঠিত হয় (Torch Relay programme held in Karbi Anglong) ।
অসমৰ বিভিন্ন জিলাৰ পৰা অসম যুৱ অলিম্পিকৰ শিখা প্ৰেৰণ অসম অলিম্পিক সন্থাৰ উপ-সভাপতি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে এই টৰ্চ ৰিলেৰ শুভাৰম্ভ কৰে ৷ এই অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক অমল নাৰায়ণ পাটোৱাৰী, প্ৰতিনিধি অমল কান্তি সিনহা, এভাৰেষ্ট বিজয়া খৰছিং তেৰাঙ, কাছা-ৰ সাধাৰণ সম্পাদক পংকজ টেৰণ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে ৷
অসমৰ বিভিন্ন জিলাৰ পৰা অসম যুৱ অলিম্পিকৰ শিখা প্ৰেৰণ কাৰ্বি আংলঙৰ মুঠ ৬০ জন খেলুৱৈ আৰু অফিচিয়েল ১৪ জনে মুঠ ৬ টা ইভেণ্টত গুৱাহাটী যুৱ অলিম্পিকত অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷
সমান্তৰালভাৱে ৰাজ্যত প্ৰথমবাৰৰ বাবে হ'বলগীয়া যুৱ অলিম্পিক শিখা বৰপেটাতো উপস্থিত হয় (Torch Relay programme held in Barpeta) ৷ অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিচাৰ নেতৃত্বত অলিম্পিক শিখা বহন কৰি বৰপেটাত উপস্থিত হোৱাৰ পিচতে চহৰখনৰ মাজেৰে শিখা কঢ়িয়াই সমদল উলিওৱা হয় ৷
অলিম্পিক শিখা আদৰণি অনুষ্ঠানত বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা ক্ৰীড়া সন্থাৰ সভাপতি গুনীন্দ্ৰ নাথ দাস, বৰপেটা ক্ৰীড়া সন্থাৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে ৷ এই যুৱ অলিম্পিকত বৰপেটাৰ ৫০ জনীয়া এটা দলে অংশ ল’ব ৷ কাৰাটে, খো খো, এথলীট আৰু ভলীবলৰ মুঠ চাৰিটা ইভেন্টত বৰপেটাৰ খেলুৱৈয়ে অংশ ল’ব ৷
অসমৰ বিভিন্ন জিলাৰ পৰা অসম যুৱ অলিম্পিকৰ শিখা প্ৰেৰণ ইফালে, এই অলিম্পিক খেলৰ সজাগতা আৰু জনসাধাৰণৰ মাজত প্ৰচাৰৰ বাবে বুধবাৰে পশ্চিম অসম পৰিভ্ৰমণ কৰা মাণ্ডলিক অসম অগ্নিশিখা চিৰাঙতো উপস্থিত হয় (Torch Relay programme held in Chirang) ৷ বঙাইগাঁও জিলাৰ পৰা চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত আলাৰী উদাংশ্ৰী প্ৰেমসিং ব্ৰহ্ম ক্ৰীড়া প্ৰকল্পত উপস্থিত হোৱাত চিৰাং জিলা প্ৰশাসনে আদৰণি জনায় ৷
ইয়াৰ পাছতে চিৰাঙৰ প্ৰশাসনিক বিষয়া, ক্ৰীড়া সংগঠক, খেলুৱৈ সকলে অগ্নি শিখা লৈ কাজলগাঁৱত এক সমদল উলিওৱা হয় ৷ সমদলত চিৰাঙৰ জিলা উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডী, অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী, উপ আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাই অংশ লয় ৷
অসমৰ বিভিন্ন জিলাৰ পৰা অসম যুৱ অলিম্পিকৰ শিখা প্ৰেৰণ আনহাতে, অসম অলিম্পিক সন্থাৰ (Assam Olympic Association) সহকাৰী সম্পাদক হীৰেণ গগৈৰ নেতৃত্বত অহা এটা দলে অলিম্পিক শিখা লৈ ধেমাজী, লক্ষিমপুৰ, মাজুলি, বিশ্বনাথ জিলা অতিক্ৰম কৰি শোণিতপুৰত উপস্থিত হয় (Torch Relay programme held in Sonitpur) ৷ অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ৰিতুবৰণ শৰ্মা, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, উপায়ুক্ত তথা জিলা ক্ৰীড়া বিভাগৰ বিষয়-ববীয়াৰ উপস্থিতিত দলটোক বিশেষভাৱে আদৰণি জনায় তেজপুৰ জিলা ক্ৰীড়া সন্থাই ৷
ইয়াৰ পিছতে অলিম্পিক শিখা লৈ দলটো উদালগুৰি, দৰং হৈ কামৰূপ গ্ৰাম্য জিলাত গৈ উপস্থিত হ'বগৈ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, এইবাৰৰ যুৱ অলিম্পিকত শোণিতপুৰৰ ১৬৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ অসম যুৱ অলিম্পিকত ৩৩ টা ইভেন্টত ৪ হাজাৰ খেলুৱৈয়ে অংশ ল’ব ৷
লগতে পঢ়ক:Torch Relay Programme: ডিব্ৰুগড়ত যুৱ অলিম্পিক শিখা সমদল