অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-ten-at-7-pm
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Jun 21, 2022, 7:20 PM IST

একনাথ চিন্দে আৰু তেওঁৰ সমৰ্থকসকল কোন ?

মহাৰাষ্ট্ৰত শিৱসেনাৰ ভিতৰচ'ৰাত তীব্ৰ মনোমালিন্য হোৱা দেখা গৈছে (Political crisis of Shiv Sena)। ইতিমধ্যে দলৰ জ্যেষ্ঠ নেতা একনাথ চিন্দে আৰু একাংশ বিধায়কে গেৰুৱা বসন পিন্ধিবলৈ যো-জা চলাইছে । চিন্দেৰ নেতৃত্বত চুৰাটৰ হোটেলত বাহৰ পাতিছে বিধায়কসকলে ।

বান সাহায্যৰ নামত অসমক বাৰম্বাৰ প্ৰৱঞ্চনা কেন্দ্ৰৰ

অসমক বছৰ বছৰ ধৰি কেন্দ্ৰই প্ৰৱঞ্চনা কৰি আহিছে । ২০২১-২২ বৰ্ষত অসমে এনডিআৰএফ (NDRF fund to Assam) শিতানত বিচাৰিছিল ১,০১৮.১৯ কোটি টকা । কিন্তু পালে মাত্র ৫৩.৫৩ কোটি টকা । ২০২০-২১ বৰ্ষত অসমে বিচাৰিছিল ২,৬৪০.৮৭ কোটি টকা আৰু দিলে মাত্র ৪৪.৩৭ কোটি টকা । ২০১৯-২০ বৰ্ষত অসমে বিচৰা ৩,২৩৭.৭৬ কোটি টকাৰ বিপৰীতে ৬১৬.৬৩ কোটি টকা আবণ্টন দি এপইচাও মুকলি কৰি নিদিলে । একেদৰে ২০১৮-১৯ বৰ্ষত বিচৰা ২৫০৯.০৭ কোটি টকাৰ এপইচাও মুকলি কৰি নিদিলে ।

কংগ্ৰেছৰ মতে এয়া চৰকাৰৰ ব্যৰ্থতা ঢকাৰ চেষ্টা

চমক সৃষ্টিৰ প্ৰয়াস নে ব্যৰ্থতা ঢকাৰ প্ৰয়াস । মুখ্যমন্ত্ৰীৰ আচৰণক লৈ প্ৰতিক্ৰিয়া । চৰকাৰখনৰ ব্যৰ্থতা ঢাকিবৰ বাবেই মুখ্যমন্ত্ৰীয়ে এনেদৰে উপায়ুক্তৰ ওপৰত দোষ জাপি দিয়াৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ।

অসম ৰাইফলছৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস পালন

আজি ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব যোগ দিৱস । ব্যতিক্ৰম নহয় অসমো (Assam observed Yoga day 2022)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিশ্ব যোগ দিৱসৰ । অসম ৰাইফলছেও আজি বিভিন্ন স্থানত আয়োজন কৰে বিশ্ব যোগ দিৱসৰ (Assam Rifles celebrated Yoga day)।

কলগাছিয়াত আৰক্ষীৰ বল প্ৰয়োগেৰে প্ৰতিবাদকাৰীক আটক

বৰপেটা জিলাৰ কলগাছিয়াত অগ্নিপথ আচঁনিৰ বিৰুদ্ধে যুৱ ফেডাৰেচনৰ উদ্বোগত SFI, DYFI য়ে প্ৰতিবাদ সাব্যস্ত কৰে (Agnipath protest in Barpeta) ৷ প্ৰতিবাদস্থলীত উপস্থিত কলগাছিয়া আৰক্ষী আৰু আন্দোলনকাৰীৰ মাজত সৃষ্টি হয় বাক বিতণ্ডাৰো ৷ অৱশেষত বল প্ৰয়োগেৰে প্ৰতিবাদকাৰীক আটক কৰি থানা লৈ যায় আৰক্ষীয়ে । উল্লেখ্য, SFI, DYFI য়ে চৰকাৰৰ এই দমন নীতিৰ বিৰোধিতা কৰাৰ লগতে কঠোৰ সমালোচনা কৰে ।

নিজ সমষ্টিতে ৰাইজৰ ৰোষত ভৱেশ কলিতা

বন্যাৰ্তৰ খবৰ ল'বলৈ গৈ বিপদত পৰিলে বিজেপিৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতা (Bhabesh Kalita in trouble at Rangia)। সাহায্য নোপোৱা একাংশ বানাক্ৰান্তই উভতি ধৰিলে কলিতাক । ৰাইজৰ ৰুদ্ৰৰূপ দেখি অঞ্চল পৰিদৰ্শন নকৰাকৈয়ে উভতিল স্থানীয় বিধায়কগৰাকী ।

যোগৰ বাবেই বিশ্বব্ৰহ্মাণ্ডলৈ শান্তি আহিছে : প্ৰধানমন্ত্ৰী মোডী

মহীশূৰ পেলেচৰ চৌহদত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ (PM Modi at Mysuru Palace)। যোগৰ বিভিন্ন গুণাগুণৰ বিষয়ে ক'লে মোডীয়ে । কাৰ্যসূচীত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ ।

ধুবুৰীত আশ্ৰয় শিবিৰত থকা শিশুৰ বাবে বিশেষ ব্যৱস্থা প্ৰশাসনৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰো ছয় শতাধিক গাঁও ইতিমধ্যে বানৰ কৱলত পৰিছে । বানাক্ৰান্ত লোকৰ এতিয়া আশ্ৰয়স্থল হৈ পৰিছে বান শিবিৰ । বান শিবিৰৰ এক অৱৰ্ণনীয় পৰিস্থিতিৰ ফলত শিশুসকলৰ মনত ঋণাত্মক প্ৰভাৱ পৰা দেখা যায় (Floods severely affect children) ৷ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জিলাখনৰ আশ্ৰয় শিবিৰবোৰত শিশুসকলৰ বাবে শিশু উপযোগী স্থান নিৰ্মাণ কৰি তেওঁলোকক বানৰ বিভীষিকাৰ মাজতো পঢ়া-শুনা, গীত-মাত, খেলা-ধূলাৰ মাজত ব্যস্ত ৰখাৰ পদক্ষেপ লৈছে ৷

বদৰপুৰ-নিউ হাফলং ষ্টেচনলৈ পৰীক্ষামূলক ৰে'ল ইঞ্জিন চলাচল

১৪ মে'ত প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথৰ (Lumding-Badarpur Broadgauge railway line) ৮৫ কিলোমিটাৰ অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল । যাৰ বাবে বিগত এমাহৰো অধিক সময় ধৰি লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথত ৰে'ল চলাচল বন্ধ থকাৰ ফলত ডিমা-হাচাওৰ লগতে বৰাক উপত্যকাৰ তিনিখন জিলা আৰু ত্ৰিপুৰা, মণিপুৰ, মিজোৰামৰ মাজত ৰে'ল যোগাযোগ বিছিন্ন হৈ আছে ।

ভাৰত চীন সীমান্তত লাইন অব একচুৱেল কংট্ৰলৰ সেনা জোৱানৰ যোগ দিৱস পালন

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷ দেশৰ সীমান্তত বীৰ জোৱান সকলে পালন কৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ ভাৰত চীন সীমান্তত লাইন অফ একচুৱেল কংট্ৰলৰ কাষত সেনাৰ যোগ দিৱস পালন ৷

ABOUT THE AUTHOR

...view details