পুনৰ দেশজুৰি চৰ্চাত হিমন্ত বিশ্ব শৰ্মা
পুনৰ দেশজুৰি চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দেশৰ সকলো মাদ্ৰাছা বন্ধ হোৱা উচিত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আৰ এছ এছৰ দ্বাৰা দিল্লীত আয়োজিত এক ক'নক্লেভত ভাগ লৈ ড৹ শৰ্মাই কয় যে মাদ্ৰাছাত পঢ়ি কোনো শিশু ডাক্টৰ বা ইঞ্জিনিয়াৰ হব নোৱাৰে ৷ ধৰ্মৰ শিক্ষা ঘৰত লওক ৷ তেওঁ আৰু কয় যে ভাৰতত বসবাস কৰা সকলো মুছলমান লোকেই এসময়ত হিন্দু আছিল ৷ স্বাভাৱিকতে তোলপাৰ লাগিছে তেওঁৰ এনে মন্তব্যত ৷
APSC scam: 2014 ৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক
অসম লোকসেৱা আয়োগৰ সেই সময়ৰ অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত 2013 আৰু 2014 বৰ্ষত আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় থানাত 936/2016 নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈছিল ৷ ইয়াৰে 2013 বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে পূৰ্বতে ৰাজ্য চৰকাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিছিল ৷ শেহতীয়াকৈ 2014 বৰ্ষৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্বও ন্যায়াধীশ শৰ্মা আয়োগক ন্যস্ত কৰা হৈছে ৷
Octave Festival 2022: অক্টেভ উৎসৱৰ মঞ্চ কঁপালে অসমৰ বিহুৱে
তিনিদিনীয়া বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ অক্টেভ উৎসৱৰ (Octave Festival 2022) সামৰণি পৰে দেওবাৰে ৷ বিগত ২০ মে’ৰ পৰা আৰম্ভ হৈছিল এই উৎসৱ ৷ এই সাংস্কৃতিক কাৰ্যসূচীত 8 খন ৰাজ্যৰ 250 গৰাকী শিল্পীয়ে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিছিল ।
Discrimination in flood relief distribution: বান সাহাৰ্য বিতৰণত চৰম বৈষম্যৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ
স্বাস্থ্য সেৱা, স্বাস্থ্যসন্মত শৌচ-প্ৰস্ৰাৱৰ ব্যৱস্থা নাই প্ৰায়বোৰ আশ্ৰয় । শিশুৰ বাবে শিৱিৰত খাদ্যৰো যোগান নাই । সোমবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই কয় যে মৰিগাঁও, নগাঁও, হোজাই, মঙলদৈ, নলবাৰী, গোৱালপাৰা, শিলচৰকে ধৰি বৰাক উপত্যকাৰ তিনিওখন জিলাৰ হেজাৰ-হেজাৰ বিঘাৰ কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে আৰু সীমাহীনভাৱে পশুধনৰ ক্ষয়-ক্ষতি হৈছে ।
Batadrava PS incident : আক্ৰমণকাৰীৰ বাসগৃহৰ পৰা জব্দ ড্ৰাগছ-মাৰণাস্ত্ৰ
বটদ্ৰৱা থানা জ্বলোৱা(Fire in Batadrava police station) ৰ দৰে অনাকাংক্ষিত ঘটনাত জড়িত আন এজন অভিযুক্তক কৰায়ত্ত কৰে নগাঁও আৰক্ষীয়ে ৷ এই সন্দৰ্ভত জানিব পৰা মতে, দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে চুলতান আলী নামৰ অভিযুক্তটোক(Another person arrested for batadrava PS incident) ৷