অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - ইটিভি ভাৰত শীৰ্ষ সংবাদ

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 7PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Mar 15, 2022, 7:12 PM IST

জনপ্ৰিয়তা আৰু বিতৰ্কৰ মাজেৰে কাশ্মিৰী পণ্ডিতৰ প্ৰসংগৰে The Kashmir Files

জনপ্ৰিয়তা আৰু বিতৰ্কৰ মাজেৰে তীব্ৰ চৰ্চাত বিবেক অগ্নিহোত্ৰীৰ নৱতম ছবি 'দ্য কাশ্মীৰ ফাইল্ছ' ৷ 1990 চনত কাশ্মীৰত কাশ্মিৰী পণ্ডিত সকলৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্যাতন দেখুওৱা হৈছে ছবিখনত ৷ জানো আহক কি কি বিতৰ্কৰ সৃষ্টি হৈছে 'দ্য কাশ্মীৰ ফাইল্ছ'ক লৈ ৷

অখিল গগৈৰ মতে নচলে সদন : বিশ্বজিৎ দৈমাৰী

অংগনবাদী কেন্দ্ৰৰ প্ৰসংগকলৈ সদন উত্তপ্ত কৰি তোলে বিৰোধীয়ে । অখিল গগৈকে ধৰি বিৰোধীৰ একাংশ বিধায়ক অধ্যক্ষৰ কাষলৈ আহি সৰৱ হৈ পৰে । অৱশেষত অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ৰাখে ৷

অৱদেশ যাদৱৰ হত্যাকাৰীক বিহাৰৰ পৰা গ্ৰেপ্তাৰ

কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত এক হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । শূন্য় দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল অৱদেশ যাদৱ নামৰ এজন ব্যৱসায়ীক । অৱশেষত বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল হত্যাকাৰী পংকজ কুমাৰক ।

গাড়ীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ

আৰক্ষীৰ জালত গাড়ীগাঁও দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলী ৷ দামপুৰ পাহাৰত আত্মগোপন কৰি আছিল বিকি আলীয়ে ৷ কামৰূপ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকি আলীক ৷

তালিকাভুক্ত শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত গুৱাহাটীত চিটুৰ প্ৰতিবাদ

মঙলবাৰে অসমৰ 18 টা তালিকাভুক্ত কর্মক্ষেত্ৰৰ শ্ৰমিকসকলৰ বাবে মজুৰি দৈনিক ধার্য কৰা আৰু সমানুপাতিক হাৰত অৰ্দ্ধদক্ষ, দক্ষ আৰু অতিদক্ষ মজুৰি নিৰ্দ্ধাৰণ কৰিবলৈ চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

উত্তৰ-পূৱৰ উন্নয়নৰ বাবে মোডী চৰকাৰে বিশেষ গুৰুত্ব দিছে : সৰ্বানন্দ সোণোৱাল

ৰাজ্যসভাত উত্তৰ-পূৱ অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ কাম-কাজৰ ওপৰত এক বিশেষ আলোচনা হয় । এই আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূৱৰ উন্নয়ন সম্পৰ্কে ভাষণ দিয়ে । তেওঁৰ মতে, বিগত ৭ বছৰত উত্তৰ-পূৱত মোডী চৰকাৰৰ নেতৃত্বত যথেষ্ট উন্নয়ন হৈছে ।

আমেৰিকাই ইউক্ৰেইনৰ শৰণাৰ্থীক আত্মৰক্ষাৰ অৰ্থে অস্ত্ৰ প্ৰদান কৰিব : বাইডেন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সোমবাৰে ইউক্ৰেইনক (US to allow Ukrainian refugees) ৰাছিয়াৰ সামৰিক অভিযানৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে । টুইটাৰৰ জৰিয়তে ঘোষণা কৰা হৈছিল এই কথা ৷

HSSLC Candidate commits suicide : তেজপুৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ছাত্ৰৰ আত্মহত্যা

তেজপুৰত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰৰ আত্মহত্যা (HSSLC Candidate commits suicide) ৷ মেধাৱী ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি সমগ্ৰ তেজপুৰত তীব্ৰ প্ৰতিক্ৰিয়া ৷

শংকৰ মহাদেৱনৰ কন্ঠেৰে নিগৰিল অসমীয়া হোলীগীত

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী শংকৰ মহাদেৱনৰ কণ্ঠত অসমীয়া হোলীগীত ৷ শিল্পীগৰাকীয়ে কণ্ঠ নিগৰোৱা প্ৰথমটো অসমীয়া গীত ইতিমধ্যে মুকলি কৰা হৈছে ৷ গীতটোৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল শিল্পীগৰাকী ৷

Guwahati gang rape : দলবদ্ধ ধর্ষণৰ ৫ অভিযুক্তৰ ৭ জন আত্মীয়ক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্তৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়ক গ্ৰেপ্তাৰ । ৫ অভিযুক্ত লম্পটৰ ৭ জনকৈ আত্মীয়-বন্ধুক গ্ৰেপ্তাৰ কৰিছে পানবজাৰ মহিলা আৰক্ষী থানাই (Gang rape in Guwahati) ।

ABOUT THE AUTHOR

...view details