সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰীতি-নীতিৰে বৰপেটাত ব'হাগ বিহু উদযাপন
চৌদিশে ৰঙালীৰ ৰঙ । পহিলা ব'হাগত মানুহৰ বিহু বা বৰ বিহু উদযাপন কৰিছে অসমবাসীয়ে(Rangali Bihu 2022) । বছৰটো কুশলে যাবলৈ সত্ৰ-নামঘৰ-মন্দিৰত ভিৰ কৰিছে ভক্তই । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰটো ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হৈছে অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহু ।
উৰন্ত INDIGO বিমানত যাত্ৰীৰ মোবাইলত জুই
ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী INDIGO বিমানত অঘটন(Accident on INDIGO flight from Dibrugarh to Delhi) । উৰন্ত বিমানৰ ভিতৰত এগৰাকী যাত্ৰীৰ মোবাইলত জুই লগাত হাঁহাকাৰ লাগে বিমানখনৰ ভিতৰত(Fire broke out inside a moving plane) । কেবিন ক্ৰু সদস্যৰ তৎপৰতাত নিৰ্বাপিত জুই ।
Rangali bihu in Assam: ঐতিহাসিক আউনীআটী সত্ৰত 369 বছৰীয়া পৰম্পৰাৰে উদযাপন বোকাখেল
অসমীয়া নৱবৰ্ষৰ পহিলা দিনটোত(Rangali Bihu 2022) ঐতিহাসিক আউনীআটী সত্ৰত 369 বছৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হৈছে বোকাখেল(Traditional boka khel observed in Majuli)। পুৱাৰে পৰা কণ কণ বৈষ্ণৱৰ পৰা আৰম্ভ কৰি যুৱ বৈষ্ণৱ সকলো ওলাই আহিল ভূমিত লুতুৰী পুতুৰী হৈ বোকাখেল খেলিবলৈ । ‘ভূমিক শান্তিৰ প্ৰতীক’ হিচাপে গণ্য কৰি ৰোগ নিৰাময়ৰ বাবে শৰীৰত ভূমি লেপন কৰে বুলি আছে এক লোকবিশ্বাস ।
ৰঙালীৰ ৰঙত মতলীয়া মৰাণহাট আৰক্ষী
অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুৰ বাবে ৰাজ্যত এতিয়া বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে ৷ সমগ্ৰ ৰাজ্যৰ লগতে মৰাণতো মানুহ বিহুৰ দিনা পুৱাৰে পৰা দেখা গৈছে এক ব্যতিক্ৰমী পৰিৱেশ (Rangali Bihu 2022) ৷ পিছপৰি ৰোৱা নাই মৰাণহাট আৰক্ষী বিষয়াৰ জোৱানসকলো । বিহুৰ বতৰত ঘৰৰ আত্মীয়সকলৰ পৰা নিলগত তথা কৰ্মস্থলীত থাকিও এৰিব পৰা নাই বিহুৰ মোহ । সেয়ে মানুহ বিহুৰ দিনাই মৰাণহাট আৰক্ষী থানাৰ চৌহদতে আৰক্ষী বিষয়া তথা জোৱানসকলে বিহু নাম জুৰি পালন কৰে হেঁপাহৰ বিহুটি ৷
মিৰাটত গ্ৰেপ্তাৰ গো-মাফিয়া আকবৰ বানজাৰা
গো-মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ আৰক্ষীৰ অভিযান (Police operation against cow mafia) । কিন্তু আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল কুখ্যাত গো-মাফিয়া আকবৰ বানজাৰা । অৱশেষত আৰক্ষীৰ জালত গো- মাফিয়া আকবৰ ।