বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ অখিল গগৈক
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ কৰা হ’ল বিধায়ক অখিল গগৈক (Akhil Gogoi expelled from budget session) ৷ ৰাজ্যপালৰ ভাষণৰ মাজতে প্ৰতিবাদমুখৰ হৈ পৰা বাবেই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়কজনক বহিস্কাৰ কৰে ৷
মাজুলীৰ নৱ নিৰ্বাচিত বিধায়কলৈ কি আহ্বান সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ ?
মাজুলীৰ নৱ নিৰ্বাচিত বিধায়কগৰাকীক বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা চিহ্নিত কৰাৰ (Flood situation Declare as a National Problem) লগতে জিলাখনৰ শৈক্ষিক, চিকিৎসা, যাতায়াত আদি সমস্যাৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷
ডিব্ৰুগড়ত আৰক্ষী জোৱানে গুলীয়াই হত্যা কৰিলে পত্নীক
ডিব্ৰুগড় আৰক্ষী চাউনিৰ ভিতৰত দেওবাৰে নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder at Dibrugarh Police station) । পাৰিবাৰিক কন্দলৰ বাবেই আৰক্ষী কনিষ্টবলে নিজৰ কাৰ্বাইন বন্দুকেৰে পত্নীক গুলীয়াই হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷
গোৱালপাৰাত ছাত্ৰীয়ে লপা-থপা দিলে শিক্ষকক
গোৱালপাৰাৰ পলিটেকনিকত উত্তেজনা (Tense situation in Goalpara polytechnic) । পলিটেকনিকৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ (Allegation of molestation against teacher) ৷ পৰীক্ষাত নম্বৰ বেছি দিয়াৰ প্ৰলোভনেৰে ধৰ্ষণৰ চেষ্টা চলাইছিল ছাত্ৰীগৰাকীক । অভিযুক্ত শিক্ষকক লপা-থপা পলিটেকনিকৰ ছাত্ৰীৰ ৷
কানাডাত পথ দুৰ্ঘটনাত পাঁচগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু
কানাডাত এক পথ দুৰ্ঘটনা (Road accident in Canada) ত প্ৰাণ হেৰুৱাইছে পাঁচগৰাকী ভাৰতীয় ছাত্ৰই (Five Indian students killed in road mishap in Canada) ৷ সোমবাৰে ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়াই সদৰী কৰা অনুসৰি, আহত আন দুগৰাকী ছাত্ৰক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷