পুঁজিৰ অভাৱত নিশকতীয়া হৈ পৰিছে উত্তৰ পূব পৰিষদ
কেন্দ্রীয় চৰকাৰে বিগত কিছু বছৰৰ পৰা উত্তৰ-পূব পৰিষদক প্রদান কৰি অহা পুঁজিৰ পৰিমাণ ক্ৰমাৎ হ্রাস কৰি আনিছে (Union government reduces funding to NEC) । যাৰ ফলত এক প্ৰকাৰ নিশকতীয়া হৈ পৰিছে ১৯৭১ চনতে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়নৰ গতি ক্ষিপ্ৰ কৰাৰ বাবে গঠন কৰা পৰিষদখন ।
Omicron tally rises to 415 in India : আক্ৰান্তৰ অধিকাংশৰে সম্পন্ন হৈছিল সম্পূৰ্ণ টীকাকৰণ
ভাৰতত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ৪১৫ গৰাকীলৈ বৃদ্ধি (Omicron tally rises to 415 in India) । আক্ৰান্তসকলৰ এক অধ্যয়নত পোহৰলৈ আহিছে যে, প্ৰায় ৯১ শতাংশ ৰোগীয়ে ইতিমধ্যে গ্ৰহণ কৰিছে ক'ভিডৰ দুয়ো পালি প্ৰতিষেধক । ৭০ শতাংশ আক্ৰান্তৰ দেহত কোনো লক্ষণ নাছিল আৰু ৬১ শতাংশই পুৰুষ ।
Bomb recovered in Jharkhand : ভয়ংকৰ কূটাঘাতৰ পৰা কথমপি ৰক্ষা ঝাৰখণ্ড
ঝাৰখণ্ড আৰক্ষীৰ অভিযানত উদ্ধাৰ বুজন পৰিমানৰ বিস্ফোৰক সামগ্ৰী । ৰাজ্যখনৰ লাতেহাৰ জিলাত উদ্ধাৰ প্ৰায় ২৫ টা টিফিন আৰু কেন বোমা (Tiffin and cane bombs recovered in Jharkhand)। ইতিমধ্যে নিস্ক্ৰিয় কৰা হৈছে বোমাকেইটা ।
Eviction in Laharijan : লাহৰিজানত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান
কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুনৰ প্ৰশাসনে চলালে উচ্ছেদ অভিযান (Eviction in Laharijan)। উচ্ছেদৰ প্ৰথম পৰ্যায় শান্তিপূৰ্ণভাৱে হৈছিল যদিও দ্বিতীয় পৰ্যায়ত উচ্ছেদিত পৰিয়ালৰ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ । প্ৰশাসনৰ লোকৰ সৈতে একাংশ উচ্ছেদিত পৰিয়ালৰ বাদ-বিবাদ ৷
ATASU members joins TAYPA : মৰাণত আটাছুৰ ডেৰ শতাধিক সদস্যৰ টাইপাত যোগদান
বুধবাৰে মৰাণত অনুষ্ঠিত এক কাৰ্যসূচীত টাইপাত যোগদান (ATASU members joins TAYPA) কৰিলে আটাছুৰ ডেৰ শতাধিক সদস্যই ৷ সংগঠনটো শক্তিশালী কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷