অসম

assam

By

Published : Nov 3, 2022, 9:02 AM IST

ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Dengue cases increasing: কাৰ্বি আংলঙত ডেংগুত আক্ৰান্ত শতাধিক লোক, তিনিগৰাকীৰ মৃত্যু

কাৰ্বি আংলঙত বৃদ্ধি পাইছে ডেংগুৰ প্ৰাদুৰ্ভাৱ (Dengue cases on rise in Karbi Anglong) ৷ বৰ্তমানলৈকে ডেংগুত আক্ৰান্ত হৈছে ১২৩ গৰাকী লোক ৷ ইতিমধ্যে মৃত্যু হৈছে ইয়াৰে তিনিগৰাকী ৰোগী ৷

Clashes between two factions: কলগাছিয়াত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

কলগাছিয়াৰ হালধীয়াত উত্তপ্ত পৰিস্থিতি ৷ বুধবাৰে নিশা দুটা ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিট(Two families in heated fight) ৷ অবৈধ সম্পৰ্কৰ অভিযোগক কেন্দ্ৰ সংঘটিত হয় এই মাৰপিটৰ ঘটনা ৷

Cuentos De La Abuela: স্পেনিছ ভাষাতো প্ৰকাশ পালে ৰসৰাজৰ বুঢ়ী আইৰ সাধু

ইতিমধ্যে ইংৰাজী ভাষাত উপলব্ধ হোৱাৰ পাচত এইবাৰ স্পেনিছ ভাষাত উপলব্ধ হ’ল বুঢ়ী আইৰ সাধু ৷ বুঢ়ী আইৰ সাধুক স্পেনিছ ভাষালৈ অনুবাদ কৰিছে অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ যুৱক তন্ময় সোণোৱালে (Burhi Aair Sadhu published in Spanish language) ৷ স্পেনিছ ভাষাত কিতাপখনৰ নাম হৈছে Cuentos De La Abuela অৰ্থাৎ আইতাকৰ কাহিনী ৷

Wine Shop Controversy: অবৈধ সুৰাৰ প্ৰচলন ৰোধৰ বাবেহে নতুন সুৰাৰ বিপণী: শুক্লবৈদ্য

ৰাজ্য চৰকাৰৰ ৰাজ্যজুৰি নতুনকৈ শ শ বিলাতী সুৰাৰ দোকানৰ অনুজ্ঞা-পত্ৰ দিয়াৰ পৰিকল্পনা (Assam Govt plan to more wine shop licenses) । ইয়াৰ দ্বাৰা বছৰি আবকাৰী ৰাজহৰ পৰিমাণ ৩ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ ।

Lawyers union protest: CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰুদ্ধে উকীল সন্থাৰ প্ৰতিবাদ

গুৱাহাটীৰ কাছাৰীত গুৱাহাটীৰ উকীল সন্থাৰ উত্তাল প্ৰতিবাদ (Lawyers union protest in Guwahati)৷ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ (CJM court in Guwahati) অস্থায়ীভাৱে স্থানান্তৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটীৰ উকীল সন্থাই ৷

Warm welcome to Pradip Kumar Doley: সদ্য অৱসৰপ্ৰাপ্ত ACS বিষয়া প্ৰদীপ দলেক গৃহভূমিত উষ্ম আদৰণি

৩০ অক্টোবৰত কর্ম জীৱনৰ অন্ত পৰিল জোনাইৰ বাহিৰ জনাই গাঁৱৰ সু-সন্তান তথা গাঁওখনৰ একমাত্ৰ ACS বিষয়া প্ৰদীপ কুমাৰ দলেৰ (Recently retired ACS officer Pradip Kumar Daley) ৷ ১৯৯২ চনৰ পৰা সুদীৰ্ঘ প্ৰায় ৩০ বছৰ কাল অসমৰ বিভিন্ন প্ৰান্তত কৰ্ম সম্পাদন কৰি উজ্বলাবলৈ সক্ষম হয় নিজৰ লগতে জোনাইৰ নাম ৷ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে মংগলবাৰে নিজ গৃহ জোনাইৰ বাহিৰ জনাই গাঁৱত উপস্থিত হয় প্ৰদীপ কুমাৰ দলে ৷

Drugs seized in Karimganj: কৰিমগঞ্জত হেৰ’ইনসহ আটক দুই সৰবৰাহকাৰী

কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সাফল্য ৷ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন ৷ জব্দকৃত হেৰ’ইনখিনিৰ ওজন প্ৰায় 500 গ্ৰাম (Drugs seized in Karimganj) ৷ হেৰ’ইনখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় পাঁচকোটি টকা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

Conrad Sangmas chopper emergency Landing: প্ৰতিকূল বতৰৰ বাবে জৰুৰী অৱতৰণ কনৰাড চাংমাৰ হেলিকপ্টাৰৰ

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ ৷ বেয়া বতৰৰ বাবে আপাৰ শ্বিলঙৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডত (Advance Landing Ground in Upper Shillong) নামিব নোৱৰাৰ বাবে উমিয়াম হ্ৰদৰ (Umiam lake in Shillong) সমীপৰ ইউনিয়ন খ্ৰীষ্টান কলেজ (ইউ চি চি)ত জৰুৰীকালীন অৱতৰণ কৰে হেলিকপ্টাৰখন।

Manjit Mahanta press meet: চৰকাৰৰ বৰঘৰত লালবাতি জ্বলিছে: মনজিৎ মহন্ত

ভাৰত জোড়ো যাত্ৰাত ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকে অংশগ্ৰহণ কৰি সহায়-সহযোগিতা আগবঢ়াইছে বুলি সংবাদমেলযোগে দাবী অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ(APCC media cell chairman Manjit Mahanta press meet) । অসমত এতিয়া ৰাজনৈতিক সন্ত্ৰাসবাদ চলাৰ বিস্ফোৰক অভিযোগো উত্থাপন কৰে নলবাৰীত আয়োজিত সংবাদমেলত(Accuses to carrying out political terrorism) ।ৎ

Birthday of Aishwarya Kakati: তেজপুৰত প্ৰবীণ নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ৭৯ সংখ্যক জন্মদিন উদযাপন

৭৯ বছৰত পদাৰ্পণ কৰিলে প্ৰবীন অভিনেতা,পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে (Playwriter Aishwarya Kakati)। এই জন্মদিনটোত কাকতিৰ ৰচনা আৰু পৰিচালনাৰে ইউনাইটেড আৰ্টিষ্টৰ দ্বাৰা ড৹ ভূপেন হাজৰিকা কলাভূমিত পৰিৱেশন কৰা হ'ব "ছ হাত মাথোঁ " ।

ABOUT THE AUTHOR

...view details