হিমাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা, নিহত 10 জন
হিমাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা ৷ কুল্লু জিলাত পৰ্যটক কঢ়িয়াই নিয়া এখন বাহনে নিয়ন্ত্ৰণ হেৰুওৱাই পথৰ কাষৰ দ খাৱৈত সোমোৱাত (Tempo fell into gorge in Himachal Pradesh) সাতজনকৈ লোক নিহত হোৱাৰ লগতে 10 জন লোক আহত হয় ৷
জনজাতিকৰণৰ নামত ৰাজনীতি বন্ধ কৰক: চুতীয়া ছাত্ৰ সন্থা
জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বায়িত্বত থকা বিজেপি দলক ৰাজনীতি বন্ধ কৰিবলৈ সকীয়নী প্ৰদান সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ৷ চুতীয়াসকলক স্বায়ত্ব শাসন প্ৰদানৰ লগতে জনজাতিকৰণৰ দাবীত দেওবাৰে সন্ধিয়া মাজুলীত জোৰ সমদল বাহিৰ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই (Chutia Student Union protest) ৷
পুথিভঁড়ালৰ আৰ্হিত ছাত্ৰীবাৰীৰ দুৰ্গা পূজা মণ্ডপ
সমাগত দুৰ্গা পূজা (Durga Puja 2022) ৷ ষষ্ঠীৰ বেদীত মা দুৰ্গাক প্ৰতিষ্ঠা কৰিবলৈ সাজু ৰাজ্য তথা দেশবাসী ৷ মহানগৰীতো দুৰ্গা পূজাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ । ব্যতিক্ৰমী ৰূপত সজাই পৰাই তোলা হৈছে ছাত্ৰীবাৰীৰ দুৰ্গা পূজা মণ্ডপ ৷ সবিশেষ এই প্ৰতিবেদনত...
বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাটো অতি দুৰ্ভাগ্যজনক: জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ এইবাৰ সৰৱ হৈ পৰিছে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP reaction to hike in power tariff) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ নেতা প্ৰবিত্ৰ বৰাই কয়, যি কাৰণতেই নহওক কিয় বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাটো অতি দুৰ্ভাগ্যজনক (Abnormal power tariff hike) ।
শ্ৰেণীকোঠা এৰি আৰক্ষী থানা পালেগৈ এদল ছাত্ৰ-ছাত্ৰী
শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ শ্ৰেণীকোঠা এৰি থানাত উপস্থিত ৰূপহীহাটৰ জৰথনি মুক্তাব বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী(Students leave classroom and reach police station) । পোক আৰু দুৰ্গন্ধ ওলোৱাৰ বাবে মধ্যাহ্ন ভোজনৰ আহাৰ নোখোৱাৰ বাবেই প্ৰধান শিক্ষকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ।