প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ষড়যন্ত্ৰ কৰি মোক গ্ৰেপ্তাৰ কৰা হৈছিল : জিগনেশ মেৱানী
গুজৰাটৰ পৰা অসমলৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ অহাৰ প্ৰসংগত আজি নতুন দিল্লীস্থিত AICC ৰ মুখ্য কাৰ্যালয়ত বিশেষভাৱে সৰৱতা প্ৰকাশ কৰে দলিত নেতা তথা গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীয়ে (Jignesh Mevani on his arrest by Assam police) ৷
চৰকাৰৰ বৰ্ষপূৰ্তিৰ প্ৰাক্ মূহুৰ্তত এক লাখ চাকৰিৰ সন্দৰ্ভত প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰৰ প্ৰথমটো বছৰতে গণি গণি এক লাখ চাকৰি দিব বুলি কৰা ঘোষণা বাস্তৱিক অৰ্থত কাৰ্যকৰী হ'লনে ? এই প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ (Debabrat Saikia questions Sarma government on employment) । ড৹ শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ (First anniversary of Himanta Biswa government) প্ৰাকমুহূৰ্তত এই প্ৰশ্ন তুলিছে বিৰোধী দলপতি গৰাকীয়ে ।
ইউৰোপত জলবায়ু প্ৰতিৰোধী কৃষি প্ৰশিক্ষণ ; নিৰ্বাচিত অসম কৃষি বিশ্ববিদ্যালয়ৰ 10 গৰাকী গৱেষক শিক্ষাৰ্থী
জলবায়ু প্ৰতিৰোধী কৃষি সম্পৰ্কে প্ৰশিক্ষণৰ উদ্দেশ্যে নিৰ্বাচিত দেশৰ সৰ্বমুঠ 16 গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হৈছে ৷ ইয়াৰে অসম কৃষি বিশ্ববিদ্যালয়(Assam Agricultural University)ৰ আছে 10 গৰাকী গৱেষক ছাত্ৰ-ছাত্ৰীৰ নাম ৷ ইউৰোপীয় ইউনিয়নৰ ইৰাছমাছ প্ৰাছ আঁচনিৰ অধীনৰ এডাপ্টনেট (Adapt NET) শীৰ্ষক দক্ষতা বৃদ্ধি প্ৰকল্পৰ অধীনত হ’ব এই প্ৰশিক্ষণ শিবিৰ (Agricultural training in Europe) ৷
Eid Ul Fitr 2022: ঈদৰ উছাহত প্ৰভাৱ পেলাইছে সামগ্ৰীৰ আকাশলংঘী দামে
পবিত্ৰ ৰমজান মাহৰ অন্ত পেলাই সমগ্ৰ বিশ্ববাসীৰ লগতে ইছলাম ধৰ্মাৱলম্বী অসমীয়ায়ো মঙলবাৰে উদযাপন কৰিব ঈদ-উল-ফিতৰ (Eid Ul Fitr 2022)৷ ন-জোনে আদৰিব আনন্দৰ মূহুৰ্তক ৷ দৰিদ্ৰজনক এমুঠি অন্নদানৰ পাছতেই ঈদগাহত শিশুৰ পৰা বৃদ্ধলৈকে একত্ৰিত হৈ পঢ়িব নামাজ ৷ মুঠতে মুছলমান সমাজত এতিয়া আয়োজনৰ অন্ত নাই ৷ বিগত দুটা বছৰে কাঢ়ি নিয়া আনন্দখিনি পুনৰুদ্ধাৰৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে মুছলমানসকল ৷
ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
সোমবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত জোনাইৰ উকোমত উদযাপনৰ কৰা হয় ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জ্বল 23 সংখ্যক প্ৰতিষ্ঠা দিৱস (Jonai Press Club celebrates 23rd Foundation Day)৷ অনুষ্ঠানত কেইবাজনো জেষ্ঠ সাংবাদিকৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷