অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি - two ukrainian citizen caught in badarpur train station

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Apr 23, 2022, 9:01 AM IST

Police encounter in Nagaon : আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ মাফিয়া

শুকুৰবাৰৰ নিশা গৰজি উঠিল নগাঁও আৰক্ষীৰ বন্দুক(Police encounter in Nagaon) ৷ জুৰীয়াত সংঘটিত আৰক্ষীৰ গুলীচালনাত আহত(Drugs mafia injured in police encounter) এটা ড্ৰাগছ মাফিয়া ৷ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে আহত ড্ৰাগছ মাফিয়াটো ৷ আনহাতে, মাফিয়াটোৰ আক্ৰমণত আহত হৈছে এগৰাকী আৰক্ষী জোৱান ৷

দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে সম্পন্ন হ'ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

শুকুৰবাৰে সম্পন্ন হয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022) । দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল ভোটদান পক্ৰিয়া ৷

শক্তিহীন হৈছে কংগ্ৰেছ: অকপট স্বীকাৰ বিধায়ক নুৰুল হুদাৰ

নগাঁও জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি সুৰেশ বৰাক দায়িত্ব অৰ্পন কৰা সভাত একেলগে দেখা গ'ল প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনক । তৃণমূল কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য সাংসদ গৌৰৱ গগৈৰ । অসমীয়া ল'ৰাই কিয় যোগদান কৰে আলফাত ? তাৰো ব্যাখ্যা কৰিলে গৌৰৱ গগৈয়ে । কংগ্ৰেছ শক্তিহীন বুলি অকপট স্বীকাৰোক্তি বিধায়ক নুৰুল হুদাৰ (MLA Nurul Huda comments on Congress)।

কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনত দুই ইউক্ৰেনিয়ান নাগৰিকক আটক

কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনৰ পৰা আটক ইউক্ৰেনৰ দুই নাগৰিকক (two ukrainian citizen caught in badarpur train station) । ত্ৰিস্কিনস্কী ভল'ডিমিৰ আৰু নাজাৰি ভ'জনী নামৰ দুই যুৱকক আটক কৰিছে ৰেল আৰক্ষীয়ে ।

Assam Police Arrests Gujarat MLA : জিগনেশ মেৱানীক আইনী সাহাৰ্য আগবঢ়াব অসম কংগ্ৰেছে

এটা টুইটৰ গোচৰত গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা প্ৰসংগত সংবাদ মেলৰ আয়োজন কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে (MLA Jignesh Mevani arrested by Assam Police) । নগাঁৱত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে সংবাদমেল আয়োজন কৰি গুজৰাটৰ বিধায়কক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে । অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়কগৰাকীক বিনাচৰ্তে মুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ।

প্ৰধানমন্ত্ৰীক তোষামোদ কৰিবলৈ জিগনেশক গ্ৰেপ্তাৰ কৰাইছে মুখ্যমন্ত্ৰীয়ে : অখিল গগৈ

লকআপত জিগনেশ (Jignesh Mevani in lockup) ৷ থানাৰ সন্মুখতে কংগ্ৰেছ নেতা-কৰ্মী-সমৰ্থকৰ প্ৰতিবাদ ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক তোষামোদ কৰিবলৈ আৰু আৰএছএছৰ ওচৰত নিজৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ জিগনেশক গ্ৰেপ্তাৰ কৰিছে বুলি দাবী অখিল গগৈৰ ৷

অৰুণাচল প্ৰদেশত মৰাণ জনজাতিৰ ৰাতি বিহু উদযাপন

অৰুণাচল প্ৰদেশত মৰাণ ছাত্ৰ সন্থাৰ ৰাতি বিহু উদযাপন ৷ মানুহ বিহুৰ দিনাই অৰুণাচল প্ৰদেশৰ লেকাং বিধানসভা সমষ্টিৰ কৌপাতনি ৰাজহুৱা খেলপথাৰত 'ৰাতি বিহু' পালন (Rati Bihu celebrated in Arunachal Pradesh) ।

সামগ্ৰী ক্ৰয় কৰিবলৈ অহা কিশোৰীক ধৰ্ষণ দোকানীৰ

চামগুৰিত দোকানৰ পৰা বস্তু ক্ৰয় কৰিবলৈ যোৱা কিশোৰীক ধৰ্ষণ দোকানীৰ (Girl raped by shopkeeper at Samaguri)। এগৰাকী ১১ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰে আব্দুছ ছাত্তাৰ নামৰ যুৱক এজনে । যুৱকজন কাছখাইতি গাঁৱৰ আব্দুছ ছাত্তাৰ । ধৰ্ষণকাৰী আব্দুছ ছাত্তাৰৰ ফাঁচীৰ দাবীত প্ৰতিবাদ স্থানীয় ৰাইজৰ ।

Ranbir Rashmika film together: এনিমেলৰ বাবে মানালী পালেগৈ ৰণবীৰ-ৰশ্মিকা

ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মান্দানাই মানালীত তেওঁলোকৰ নতুন ছবি এনিমেলৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে (Ranbir Rashmika film together) । সন্দীপ ৰেড্ডী ভাংগাৰ দ্বাৰা পৰিচালিত এনিমেল এখন গেংষ্টাৰ ড্ৰামা ।

গৰুৰ গাড়ীত উঠি কইনা আনিবলৈ গ’ল চিকিৎসক দৰা

আজিৰ দিনত বিয়া বুলিলেই মনলৈ আহে জাক-জমকতাৰে ভৰা এখন ছবি ৷ তাতে যদি দৰা এগৰাকী প্ৰতিষ্ঠিত লোক হয় বৰযাত্ৰীৰ সৈতে কইনা আনিবলৈ যোৱা দৰাই প্ৰায়েই বিলাসী গাড়ীকেই পচন্দ কৰা দেখা যায় ৷ কিন্তু, আপোনাৰ বাবে আমি লৈ আহিছো এখন এনে বিয়াৰ দৃশ্য য’ত এগাৰাকী প্ৰতিষ্ঠিত চিকিৎসক হোৱাৰ পিছতো দৰাই গৰুৰ গাড়ীত উঠি আনিবলৈ গ’ল কইনা (Doctor baarat on bullock cart in Betul) ৷

ABOUT THE AUTHOR

...view details