মেট্ৰিকত ভাল ৰিজাল্টৰ নামত বৃহৎ ধনৰ লেনদেন !
MONEY FOR JOB নহয় এইবাৰ এইখন অসমত সংঘটিত হৈছে MONEY FOR RESULT ৰ দৰে নিকৃষ্ট ঘটনা ৷ যাৰ বাবে কামৰূপ জিলাৰ স্কুলসমূহৰ পৰিদৰ্শক কাৰ্যালয়ত শনিবাৰে এক বৃহৎ অভিযান চলাই কামৰূপ আৰক্ষীৰ দলে ৷
কাইলৈ শাওনৰ প্ৰথমটো সোমবাৰ: ক’ভিডৰ বাবে অনুষ্টুপীয়াকৈ উদযাপিত হ’ব বলবম
শাওন মাহৰ প্ৰথমটো সোমবাৰ বুলিলে ভক্তপ্ৰাণ ৰাইজৰ মাজত থাকে পাৰভগা উচাহ ৷ শিৱভক্ত সকলৰ বাবে শাওনৰ সোমবাৰ সমূহ বিশেষকৈ প্ৰথমটো সোমবাৰৰ আছে বিশেষ গুৰুত্ব ৷ পিছে, এইবেলি ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ মন্দিৰসমূহত নাই বলবমৰ উচাহ ৷
ডিফুত মুখ্যমন্ত্ৰীয়ে দাহ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী
বিগত দুটা মাহত ৰাজ্যত ড্ৰাগছ সৰবৰাহ সংক্ৰান্তীয় ৮৭৪ টা গোচৰ পঞ্জীয়ন হোৱাৰ লগতে ১,৪৯৩ জন লোকক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ৷ শনিবাৰে ডিফুত মৰফিন ১১.৮৮ কেজি, হেৰ'ইন ৩.৪৮ কেজি, মেথামফেটামাইন ২.৮৯ কেজি, গাঞ্জা ১০২.৯১ কেজি নিচাযুক্ত টেবলেট ২,০৩,৩৮৯ টা মুখ্যমন্ত্ৰীৰ উপস্থিতিত জুই জলাই নষ্ট কৰা হয় ৷
আমেৰিকান কোম্পানীৰ পৰা ৰাজ্যই কিনিব কৃত্ৰিম শুক্ৰাণু
অসম চৰকাৰে এইবাৰ ৰাজ্যত গাইগৰুৰ সংখ্যা বৃদ্ধিৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বহুজাতিক বাৱসায়িক প্ৰতিষ্ঠানৰ পৰা কিনিব কৃত্ৰিম শুক্ৰাণু (artificial semens)। কালি বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ২০২১-২২ বৰ্ষৰ বাজেটত ১.২৫ লাখ শুক্ৰাণু ক্ৰয় কৰাৰ বাবে লোৱা প্ৰস্তাৱৰ আঁৰত আছে মাৰ্কিন বহুজাতিক কোম্পানীৰ ব্যৱসায়িক সংযোগ ।
ঋণগ্ৰস্ত মহিলাক মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ ভাবুকি
শুকুৰবাৰে, ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বিত্তীয় বাজেটত পূৰ্বৰ প্ৰতিশ্ৰুতি মতে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইয়ে লাভ কৰিছিল বিশেষ গুৰুত্ব ৷ কিন্তু, একে সময়তে পোহৰলৈ আহিছে মাইক্ৰ’ফাইনেঞ্চ কোম্পানী(microfinance company) সমূহে বহু ঋণগ্ৰস্ত মহিলাক ভয় ভাবুকি প্ৰদান কৰি থকাৰ কথা ৷