অম্বুবাচী মেলা: নাথাকিব ভি আই পিৰ বাবে বিশেষ দৰ্শনৰ ব্যৱস্থা
২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অম্বুবাচী মেলা । অম্বুবাচী মেলাৰ বিভিন্ন দিশ তদাৰক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ (Tourism minister Jayanta Malla Baruah) । মাছখোৱাৰ পুৰণি জেইল চৌহদ, কামাখ্যা ষ্টেচন, বড়িপাৰা খেলপথাৰ আৰু পুৰণি মালিগাঁও ষ্টেচন চৌহদত অম্বুবাচী উপলক্ষে মা কামাখ্যালৈ অহা ৪০ সহস্ৰাধিক তীর্থযাত্ৰীক বিগত বছৰবোৰৰ দৰেই আৱাস তথা আপ্যায়ণৰ প্ৰস্তুতি ।
১৭-১৮ জুনত উত্তৰ কামৰূপৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা
কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকাৰীৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে উত্তৰ কামৰূপৰ উত্তৰ গুৱাহাটী, হাজো, কমলপুৰ, ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ এলেকাৰ অধীনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান ১৭ আৰু ১৮ জুনত বন্ধ ঘোষণা কৰিছে । অৱশ্যে উক্ত দুয়োটা দিনতে পূৰ্ব নিৰ্দ্ধাৰিত সূচীমতে পৰীক্ষা সমূহ চলিব ।
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ৰাজ ভৱনৰ সন্মুখত APCC ৰ প্ৰতিবাদ
পুনৰ প্ৰতিবাদত বহিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৷ এইবাৰ দিল্লী আৰক্ষীৰ অত্যাচাৰৰ বিৰুদ্ধে ৰাজভৱনত কংগ্ৰেছৰ নেতা-কৰ্মীসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (APCC protest in front of Raj Bhawan in Guwahati) ৷
Drugs seized in Nagaon : নগাঁৱত ই ৰিক্সাৰ পৰা জব্দ ড্ৰাগছ, গ্ৰেপ্তাৰ সৰবৰাহকাৰী
নগাঁৱত যাত্ৰীবাহী ই ৰিক্সাৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs seized in Nagaon)। ৫৪ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আব্দুল আলী নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ । ধৃত ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে ।
জীৱ-জন্তুৰ ওপৰত নিৰ্যাতন: বেলাক লগত লৈ স্কুটিৰে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যাত্ৰা সুৰেঙৰ
জীৱ-জন্তুৰ ওপৰত হোৱা হিংসাত্মক কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ স্কুটিৰে এজন যুৱকৰ ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যাত্ৰা ৷ Stop the Animal Cruelty ৰ্শীৰ্ষক থীম লৈ ডিব্ৰুগড়ৰ চাও সুৰেং ৰাজকোঁৱৰে এখন স্কুটি লৈ আজি এই যাত্ৰা আৰম্ভ কৰিলে দিল্লীলৈ ৷