অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি - DC ক মুখ্যমন্ত্ৰীৰ ধমক

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jun 21, 2022, 5:36 PM IST

Maharashtra Political crisis: একনাথ চিন্দে আৰু তেওঁৰ সমৰ্থকসকল কোন ?

মহাৰাষ্ট্ৰত শিৱসেনাৰ ভিতৰচ'ৰাত তীব্ৰ মনোমালিন্য হোৱা দেখা গৈছে (Political crisis of Shiv Sena)। ইতিমধ্যে দলৰ জ্যেষ্ঠ নেতা একনাথ চিন্দে আৰু একাংশ বিধায়কে গেৰুৱা বসন পিন্ধিবলৈ যো-জা চলাইছে । চিন্দেৰ নেতৃত্বত চুৰাটৰ হোটেলত বাহৰ পাতিছে বিধায়কসকলে । চিন্দেক সংগ দিয়া নেতাসকল প্ৰকৃততে কোন কোন ?

DC ক মুখ্যমন্ত্ৰীৰ ধমক: কংগ্ৰেছৰ মতে এয়া চৰকাৰৰ ব্যৰ্থতা ঢকাৰ চেষ্টা

চমক সৃষ্টিৰ প্ৰয়াস নে ব্যৰ্থতা ঢকাৰ প্ৰয়াস । মুখ্যমন্ত্ৰীৰ আচৰণক লৈ প্ৰতিক্ৰিয়া । চৰকাৰখনৰ ব্যৰ্থতা ঢাকিবৰ বাবেই মুখ্যমন্ত্ৰীয়ে এনেদৰে উপায়ুক্তৰ ওপৰত দোষ জাপি দিয়াৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ।

শিৱসাগৰত মটক যুৱ-ছাত্র সন্মিলনৰ প্ৰতিবাদ

শিৱসাগৰত প্ৰতিবাদ মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৷ জনজাতিকৰণকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ ৷ মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি মৰ্যদা প্ৰদান নকৰিলে তীব্ৰ বিক্ষোভৰ হুংকাৰ দিছে মটক যুৱ-ছাত্ৰ সন্মিলনে ।

Flood hits Dima-Hasao : বদৰপুৰ-নিউ হাফলং ষ্টেচনলৈ পৰীক্ষামূলক ৰে'ল ইঞ্জিন চলাচল

১৪ মে'ত প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথৰ (Lumding-Badarpur Broadgauge railway line) ৮৫ কিলোমিটাৰ অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল । যাৰ বাবে বিগত এমাহৰো অধিক সময় ধৰি লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথত ৰে'ল চলাচল বন্ধ থকাৰ ফলত ডিমা-হাচাওৰ লগতে বৰাক উপত্যকাৰ তিনিখন জিলা আৰু ত্ৰিপুৰা, মণিপুৰ, মিজোৰামৰ মাজত ৰে'ল যোগাযোগ বিছিন্ন হৈ আছে ।

তামুলপুৰৰ বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই

মঙলবাৰে তামুলপুৰৰ গোৰেশ্বৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika at Goreswar)। গোৰেশ্বত পুঠিমাৰী নৈয়ে(Puthimari River) ৩ টাকৈ স্থানত মথাউৰি ছিঙি নিয়াৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে (Embankment erosion at Goreswar) ৷

ৰঙিয়াৰ চেপ্তিত বানত সন্ধানহীন জুমন দাসৰ মৃতদেহ উদ্ধাৰ

দেওবাৰে চেপ্তিত বানত উটি গৈছিল দুই কিশোৰ(2 Boys Swept Away by Flood Waters in Rangia) । দুই কিশোৰ বানত উটি যোৱাৰ দৃশ্য আবদ্ধ হৈছিল লগৰীয়াৰ ম’বাইল কেমেৰাত । সোমবাৰে সন্ধানহীন হৈ থকা হিমাংশু দাস নামৰ কিশোৰজনৰ মৃতদেহ উদ্ধাৰৰ পিছতেই মঙলবাৰে উদ্ধাৰ হ'ল জুমন দাস নামৰ আনজন কিশোৰৰ মৃতদেহ ৷

ধুবুৰীত আশ্ৰয় শিবিৰত থকা শিশুৰ বাবে বিশেষ ব্যৱস্থা প্ৰশাসনৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰো ছয় শতাধিক গাঁও ইতিমধ্যে বানৰ কৱলত পৰিছে । বানাক্ৰান্ত লোকৰ এতিয়া আশ্ৰয়স্থল হৈ পৰিছে বান শিবিৰ । বান শিবিৰৰ এক অৱৰ্ণনীয় পৰিস্থিতিৰ ফলত শিশুসকলৰ মনত ঋণাত্মক প্ৰভাৱ পৰা দেখা যায় (Floods severely affect children) ৷

ৰণজিৎ দাসৰ ওপৰত খং সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

কাশ্মীৰৰ পৰা উভতি আহিয়ে সংবাদমেল সম্বোধন কৰিলে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে (Press conference of MLA Manoranjan Talukdar at Sarbhog)। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ কেইবাটাও মন্তব্য কৰে বিধায়কগৰাকীয়ে । মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰে বিধায়কগৰাকী ।

International Yoga Day 2022: হোজাই অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি হোজাইৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হয় অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day 2022) ৷ ডবকাৰ আকাশী গংগা শিৱ মন্দিৰ প্ৰাংগনত হোজাোই জিলা প্ৰশাষণৰ উদ্যোগত পতঞ্জলি যোগ সমিতি, হোজাই আৰু হোজাই জিলা ক্ৰিড়া সন্থাৰ সহযোগত দিৱসটি পালন কৰা হয় ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা(Nandita Gorlosa in Hojai) ।

অবৈধ অস্ত্ৰৰ গোচৰত আৰ জে ডি বিধায়কক ১০ বছৰৰ কাৰাদণ্ড

আগ্নেয়াস্ত্ৰখিনি উদ্ধাৰ কৰা নডৱা গাঁৱৰ ঘৰটো অনন্ত সিঙৰ যদিও তেওঁ কিন্তু তাত বাস কৰা নাছিল । ঘৰটো চোৱাচিতা কৰিবলৈ এজন তত্ত্বাৱধায়ক নিয়োগ কৰা হৈছিল । একে-৪৭টো (AK-47) এটা জুপুৰীত ডাঙৰ বাকচ এটাৰ পিছফালে ৰখা হৈছিল । আনহাতে, কাষৰ আন এটা জুপুৰীৰ পৰা হেণ্ড গ্ৰেনেডটো উদ্ধাৰ কৰা হৈছিল।

ABOUT THE AUTHOR

...view details