Mob Lynching in Jorhat : অভিযুক্তক চিনাক্তকৰণৰ বাবে ৰাইজলৈ আহ্বান আৰক্ষী অধীক্ষকৰ
যোৰহাটত জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ সংবাদমেল(Jorhat SP Ankur Jain Press meet) ৷ অনিমেষ ভূঞা হত্যাৰ ঘটনাৰ সৈতে জড়িত আনসমূহ অভিযুক্তক চিনাক্ত কৰিবৰ বাবে ৰাইজক সহায় কৰিবলৈ আহ্বান আৰক্ষী অধীক্ষকগৰাকীৰ ৷ তেওঁ সদৰী কৰা মতে, যোৰহাটৰ এ টি ৰোডত এতিয়াৰে পৰা প্ৰতিদিনেই থাকিব চি আৰ পি এফৰ দল ৷ দুটা চিফটত থাকিব সুৰক্ষা বাহিনীৰ দল দুটা ।
New Vehicle Rules and Fine in Guwahati: দুচকীয়া বাহনত আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট
দুচকীয়া বাহনৰ লগতে চাৰিচকীয়া বাহনৰ ক্ষেত্ৰতো পৰিবহণ বিভাগে আৰোপ কৰিছে কিছু নতুন নিয়ম(New traffic rules in Guwahati imposed) ৷ এই নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে ইতিমধ্যেই অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে ৷
CM to Visit Delhi : ভাগ ল'ব এক অন্তৰংগ অনুষ্ঠানত
বুধবাৰে বিয়লি দিল্লীলৈ উৰা মাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাগ ল'ব এক (Himanta Biswa Sarmah to attend a conclave in Delhi) অন্তৰংগ অনুষ্ঠানত ৷
Mob Lynching in Jorhat : যোৰহাটৰ বৰ্বৰ হত্যাকাণ্ডৰে জড়িত নহয় টীয়কৰ সুভাষ বৰা !
যোৰহাট আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱা যোৰহাটৰ বৰ্বৰ হত্যাকাণ্ডৰে(Mob lynching in Jorhat) জড়িত ১৩ জনকৈ অভিযুক্তৰ মাজৰে এজন সুভাষ বৰা (Subhash Bora)৷ টীয়ক ভগামুখৰ নিবাসী সুভাষ বৰা উক্ত ঘটনাৰ সৈতে কোনো কাৰণতে জড়িত নহয় বুলি দাবী কৰিছে আত্মীয় তথা পৰিয়ালবৰ্গকে ধৰি গাঁৱৰ ৰাইজে(Subhash Bora not involved in Mob lynching) ৷ বুধবাৰে টীয়কৰ ভগামুখ থানাত উপস্থিত এই দাবী উত্থাপন কৰে পৰিয়ালৰ লগতে ৰাইজে ৷ সুভাষ বৰাৰ সতীৰ্থই সদৰী কৰা মতে, ঘটনা সংঘটিত হোৱা 1 ঘন্টাৰ পাছতে সেই স্থানত উপস্থিত হৈছিল তেওঁলোক ৷
ঋণৰ পাছত ঋণ লৈ হিতাধিকাৰীক সন্তুষ্ট কৰাত কৃপণালি কৰা নাই চৰকাৰে
হিতাধিকাৰীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে এটাৰ পাছত আনটো ঋণ লৈছে অসম চৰকাৰে (Assam government borrows after loan to appease beneficiary) । বিগত ৫ টা বছৰত অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা লোৱা ঋণৰ বাবদ ২০ হাজাৰ কোটি টকা সুদ পৰিশোধ কৰিবলগীয়া হৈছে । সোণোৱাল চৰকাৰে ৫ বছৰীয়া কার্যকালত ঋণ লৈছিল ৫৮ হাজাৰ কোটি টকা । ঋণৰ বিপৰীতে ২০১৬ চনৰ পৰা ২০২১ চনলৈ সুদৰ নামত ব্যয় কৰিব লগা হ'ল মুঠ ২০ হাজাৰ ৬৫৮ কোটি টকা । মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সাতমহীয়া কার্যকালতে বিভিন্ন উৎসৰ পৰা প্ৰায় ৫,৫০০ কোটি টকা নতুনকৈ ঋণ গ্রহণ কৰিছে ।