তুংগত উঠিছে কেজৰীৱাল আৰু হিমন্তবিশ্ব শৰ্মাৰ টুইটযুদ্ধ
টুইটাৰত চলিছে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যুঁজ । অসমত বিদ্যালয় একত্ৰীকৰণৰ প্ৰসংগত ২৪ আগষ্টত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিছিল এটা টুইট (CMs Twitter War) । প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী হিচাপে তেওঁৰ দিনত এতিয়ালৈ অসম চৰকাৰে ৮৬১০ খন নতুন স্কুল স্থাপন কৰাৰ কথা সদৰী কৰিছিল । ৭ বছৰত দিল্লী চৰকাৰে কিমান নতুন বিদ্যালয় আৰম্ভ কৰিছে বুলি প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰীৰ । কেজৰিৱালে পুনৰ দিলে উত্তৰ ।
মৃত পিতৃৰ নামত ঋণ লৈ জালত পৰিল পুত্ৰ
মৃত পিতৃৰ নামত দুটাকৈ ঋণ লৈছিল পুত্ৰ আব্দুল সমীৰে ৷ কিন্তু সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰিলে পুত্ৰই ৷ গোচৰ দাখিলৰ পাছৰে পৰা ২টাকৈ বছৰ চৌদি আৰৱত পলাই আছিল পুত্ৰ আব্দুল । কিন্তু কপাল বেয়া, অৱশেষত অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ জালত পৰিল আব্দুল হামিদ(Bureau of Investigation of Economic Offences) ৷
বৰঝাৰ বিমান বন্দৰত সৰ্পৰ আতংক, দংশন এজনক
শুক্ৰবাৰে গুৱাহাটীৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হয় এক অঘটন ৷ বিমানবন্দৰৰ এৰাইভেলৰ লাগেজ বেল্টৰ কক্ষত এজন যুৱকক দংশন কৰে সাপে (Man bitten by snake inside the Guwahati Airport)। এই ঘটনা সংঘটিত হোৱাৰ পিছতে বিমানবন্দৰৰ ভিতৰ চ’ৰাত সৃষ্টি হয় এখ হুলস্থূলীয়া পৰিৱেশ ৷
গুৱাহাটীৰ পৰা অপহৰণ মাতৃসহ তিনি বছৰীয়া সন্তান
গুৱাহাটীৰ মাজমজিয়াত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা (Guwahati kidnap case)। সাতগাঁও অঞ্চলৰ পৰা মাতৃসহ অপহৰণ তিনি বছৰীয়া কন্যাক । পত্নী আৰু সন্তানৰ অপৰহণক লৈ আৰক্ষীৰ কাষ চাপিছে অৰ্দেচ আলী ।
অভিযুক্ত অধ্যক্ষ বিমান চেতিয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা শিক্ষা বিভাগৰ
আজিও প্ৰতিবাদমুখৰ হৈ আছে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ চৌহদ ৷ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমান চন্দ্ৰ চেতিয়াৰ কুকৰ্ম ফাদিল হোৱাৰ পাচত এইবাৰ শিক্ষা বিভাগে জাৰি কৰিছে তদন্তৰ নিৰ্দেশনা (Education department announces probe against Lakhimpur college principal) ৷