অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 @ 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Jul 20, 2021, 5:00 PM IST

সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলক কেন্দ্ৰ কৰি উত্তেজনা

চিৰাঙত চৰকাৰী সংৰক্ষিত ভূমি বেদখলক কেন্দ্ৰ কৰি সৃষ্টি ব্যাপক উত্তেজনা । প্ৰায় ৩২ খন গাঁৱৰ লোক ওলাই আহিল বেদখলকাৰীক উচ্ছেদৰ বাবে ।

পেগাচাছ স্পাইৱেৰ: অমিত শ্বাহক বৰ্খাস্তৰ দাবী কংগ্ৰেছৰ

পেগাচাছ স্পাইৱেৰ (Pegasus spyware) ঘটনাক লৈ সৰৱ কংগ্ৰেছ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বৰ্খাস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী কংগ্ৰেছৰ

কংগ্ৰেছৰ দিনত 90% বাজেট প্ৰতিশ্ৰুতি ৰূপায়িত হোৱা নাছিল: মুখ্যমন্ত্ৰী

২০০১ চনৰ পৰা ২০১৫ চনলৈ ৰাজ্যত শাসন চলোৱা কংগ্ৰেছৰ চৰকাৰৰ আমোলত বাৰ্ষিক বাজেটৰ ৯০ শতাংশ প্ৰতিশ্ৰুতিয়েই বাস্তৱায়িত হোৱা নাছিল ।‌‌ ২০১৬ চনৰ পিছত বিজেপি চৰকাৰে দাখিল কৰা বাজেটৰ প্ৰতিটো প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰা হৈছে । বিধানসভাৰ মজিয়াত মঙলবাৰে এই বিষয়ত দাবী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।‌

পে‘ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গাড়ী চালক সন্থাৰ প্ৰতিবাদ

সদৌ অসম গাড়ী চালক সন্থাৰ অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱৰ্কাচ ফেডাৰেচনে মঙলবাৰে তিনিচুকীয়া জিলাৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ (ASTC) বাছ আস্থানৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ক'ৰণা (Covid 19) সংক্ৰমণ মাজতেই সমগ্ৰ দেশত পে’ট্ৰল-ডিজেল (Petrol Diesel)আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঙ্ঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক ৷ মহামাৰী সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা ক’ভিড প্ৰ'টকল (Covid Protocol) নীতি-নিৰ্দেশনাই গাড়ী মালিক তথা চালকসকলৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি কৰিছে ।

বিনা অনুমতিত বিদেশ ভ্ৰমণ কৰি নিলম্বন হ’ল আই পি এছ বিষয়া

চাকৰিৰ পৰা নিলম্বন অসম আৰক্ষী (Assam Police)ৰ উচ্চ পদস্থ বিষয়া ৰৌনক আলী হাজৰিকা (Raunak Ali Hazarika)ক ৷ অসম চৰকাৰৰ পশ্চিম সংমণ্ডল (Border-1)ৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক (DIGP) পদত অধিষ্ঠিত আছিল বিষয়াগৰাকী ৷


ভাৰত ভূটান সীমান্তত সংঘটিত হ’ল মানৱ সৰবৰাহৰ ঘটনা

ভাৰত-ভূটান সীমান্তত পুনৰ মানৱ সৰবৰাহৰ ঘটনা । সীমান্তৰ বিভিন্ন অঞ্চলৰ পৰা গোপনে শিশু-কিশোৰক গুজৰাটলৈ নিবলৈ প্ৰস্তুত হৈছিল মানৱ সৰবৰাহকাৰীৰ (human traffickers)দল । অৱশ্যে, আৰক্ষীৰ অভিযানত বাগছাৰ কুমাৰীকাটাত উদ্ধাৰ হ’ল দলটো ৷

মহানগৰীৰ সাতগাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন

পাঞ্জাবাৰীৰ বাঘৰবৰী অঞ্চলৰ পৰা আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক । আৰক্ষীয়ে ড্ৰাগছ মাফিয়া ফকিৰ আলীৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ (Container), চিৰিঞ্জসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে ।

তুংগত বিধায়ক-প্ৰাক্তন বিধায়কৰ সংঘাট: কৰিমুদ্দিনক প্ৰত্যুত্তৰ আমিনুল হক লস্কৰৰ

সোনাই সমষ্টিৰ (Sonai LAC) বিধায়ক কৰিমউদ্দিন বৰভূঞা (MLA Karim Uddin Barbhuyan)ৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত উত্থাপিত তথ্যৰ বিসংগতিৰ বিৰুদ্ধে মঙলবাৰে মুখ খুলিলে প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে (Aminul Haque Laskar) । সোনাইৰ প্ৰাক্তন বিধায়ক লস্কৰে সংবাদমেলযোগে সদৰী কৰা অনুসৰি কৰিমউদ্দিন বৰভূঞা (MLA Karim Uddin Barbhuyan) ই উচ্চতৰ মাধ্যমিক পৰীক্ষা (HS)ত উত্তীৰ্ণ হোৱা নাই ।

সংসদত পেগাচাছৰ প্ৰসংগ উত্থাপন কৰিব বিৰোধীয়ে

ৰ্ষাকালীন অধিৱেশনত পেগাচাছ (Pegasus)ৰ বিষয় উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে বিৰোধী দলে । কংগ্ৰেছ(Congress), তৃণমূল কংগ্ৰেছ(Trinamool Congress), ৰাষ্ট্ৰীয় জনতা দল(Rashtriya Janata Dal) আৰু দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম(Dravida Munnetra Kazhagam)ৰ উপৰিও আন বিৰোধী দলেও মঙলবাৰে এক বৈঠকত মিলিত হয় । এই বৈঠকতে তেওঁলোকে সংসদত পেগাচাছ(PEGASUS)ৰ প্ৰসংগ উত্থাপন কৰাৰ সিদ্ধান্ত লয় ।


পেগাচাছৰ বিষয়ক লৈ উত্তেজিত বিৰোধী কংগ্ৰেছ

পেগাচাছৰ স্পৰ্শকাতৰ বিষয়টোক লৈ বিৰোধী কংগ্ৰেছে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে । শাসকীয় বিজেপি চৰকাৰক সমালোচনা কৰাৰ লগতে উচিত তদন্তৰ দাবী জনাইছে কংগ্ৰেছে ।

ABOUT THE AUTHOR

...view details