৩ দুৰ্নীতিগ্ৰস্ত বিষয়াক নিলম্বন পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ
পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে স্বাস্থ্যমন্ত্ৰীক অপসাৰণ কৰা ভগৱন্ত মানে এইবাৰ পুনৰ অপসাৰণ কৰে ৩ চৰকাৰী বিষয়াক ৷ দুৰ্নীতিৰ লগত জড়িত থকাৰ অভিযোগত মুখ্যমন্ত্ৰী মানে অপসাৰণ কৰে বিষয়াকেইগৰাকীক ।
ক'ভিডত আক্ৰান্ত অমৰ্ত্য সেন
নোবেলজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেন ক'ভিডত আক্ৰান্ত (Amartya Sen Covid Positive)। ইতিমধ্য়ে তেওঁক কলকাতাৰ শান্তি নিকেতনত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে (Admitted for treatment at Shantiniketan in Kolkata)।
পিউ-শ্ব-টিৰ আক্ৰমণত নিহত ভাৰতীয় ব্যৱসায়়ীৰ মৃত্যুক লৈ ম'ৰেত ব্যাপক উত্তেজনা
ম্যানমাৰৰ জুন্টা চৰকাৰৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা সন্ত্ৰাসবাদী সংগঠন পিউ-শ্ব-টিৰ আক্ৰমণত নিহত হৈছিল এজন অটো চালক আৰু এজন ব্যৱসায়ী ৷ অটো চালক আৰু ব্যৱসায়ীজনৰ মৃত্যুক লৈ ম'ৰেত ব্যাপক উত্তেজনা ৷
গেৰুৱা ডিব্ৰুগড়ত উপস্থিত মুখ্য়মন্ত্ৰী
দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেন ট্ৰীতত বিজেপিৰ বিষয়ববীয়া সভা (State BJP official meeting at Dibrugarh)। সভালৈ আগমন হৈছে ৪০ খন সাংগঠনিক জিলাৰ সভাপতি, জিলা প্ৰভাৰী, সহ-প্রভাৰী আৰু ৰাজ্যিক মৰ্চাৰ সভাপতিসকলৰ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও ইতিমধ্যে উপস্থিত হৈছে ডিব্ৰুগড়ত ।
Viral Video: চুলাই ভাটিত সুখনিদ্ৰাত আৰক্ষী
চুলাই ভাটিত সুখনিদ্ৰাত আৰক্ষী উপ-পৰিদৰ্শক । এই সমগ্ৰ দৃশ্য বন্দী হ’ল ম’বাইলৰ কেমেৰাত ৷