অসম ৰাজ্যিক চিৰিয়াখানাত মাইকী জিৰাফৰ ৰহস্যজনক মৃত্যু
শুকুৰবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানাত ৰহস্যজনকভাৱে মৃত্যু ঘটিল এটি মাইকী জিৰাফৰ(female Giraffe in Guwahati zoo dead) ৷ নিশা দানা খোৱা স্থানত ফাঁচ লাগি জিৰাফজনীৰ মৃত্যু (Death of the giraffe by hanging)হোৱাৰ ধাৰণা কৰা হৈছে যদিও বৰ্তমান এই কথা অস্বীকাৰ কৰে বন সংমণ্ডল বিষয়া অশ্বিনী কুমাৰে ৷
Anil Kapoor turns 65 today: 65 বছৰীয়া হ’ল মিষ্টাৰ ইণ্ডিয়া অনিল কাপুৰ
বয়সতকৈ কমেও 20 বছৰ সৰু যেন লগা বলীউডৰ Most Entertaining Actor অনিল কাপুৰে আজি পালন কৰে তেওঁৰ 65 বছৰীয়া জন্মদিন ৷ Forever Young Look এটা কঢ়িয়াই লৈ ফুৰা অনিল কাপুৰৰ চেহেৰাৰ আঁৰৰ ৰহস্য বলীউডত চৰ্চাৰ বিষয় ৷ ‘মিষ্টাৰ ইণ্ডিয়া’ হিচাপে খ্যাত বলীউডৰ জনপ্ৰিয় অভিনেতাজনলৈ ইটিভি চিটাৰাৰ তৰফৰ পৰা 65 বছৰীয়া জন্মদিনৰ অফুৰন্ত শুভকামনা...
Happy Birthday Mohammed Rafi : ভাৰতীয় সংগীতৰ প্ৰাণ স্বৰূপ মহম্মদ ৰফীলৈ জন্মদিনত সোঁৱৰণ
সংগীতৰ জগতখনলৈ অসীম অৱদান আছে এইজনা শিল্পীৰ ৷ তেওঁৰ কণ্ঠৰে নিগৰি অহা সুৰৰ লহৰে সকলোকে আকৰ্ষিত কৰে ৷ নামেই যাৰ পৰিচয়, মহম্মদ ৰফী চাহাব ৷ চিৰসেউজ এই যাদুকৰী কণ্ঠৰ গৰাকীলৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা জন্ম-জয়ন্তীৰ শুভেচ্ছা থাকিল...
Drugs Burnt in Karimganj : আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে ড্ৰাগছ-গাঞ্জা
কৰিমগঞ্জত আৰক্ষীয়ে জ্বলালে ড্ৰাগছসহ নিচাযুক্ত সামগ্ৰী (Police burnt drugs in Karimganj ) ৷ বিগত দুই তিনি বছৰ ধৰি কৰিমগঞ্জৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী শুকুৰবাৰে জ্বলাই দিয়া হয় (Drugs seized by Karimganj Police) ৷ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ উপস্থিতি 2018 চনৰ পৰা জিলাখনৰ বিভিন্ন অঞ্চলত চলোৱা অভিযানত জব্দ হোৱা 3 কিলো 126 গ্ৰাম হেৰ’ইন, 1 কোটি 11 লাখ টকাৰ কফ চিৰাপ, 256 টা মদৰ বটল, 172 কেজি গাঞ্জা, 4 কোটি 51 লাখ টকাৰ ইয়াবা টেবলেট জ্বলাই নষ্ট কৰা হয় ৷
Allegation of Sexual Harasment : মাজুলীত সংঘটিত হয় লজ্জাজনক ঘটনা
কোন দিশে গৈছে আজিৰ সামাজিক ব্যৱস্থা ? ক’ৰবাত যদি দিন দুপৰতে নীৰিহ যুৱকক এজাক উন্মাদ জনতাই মৰিয়াই মৰিয়াই হত্যা কৰিছে, ক’ৰবাত আকৌ হাতোঁৰাত বন্দী হৈ উন্মাদ হৈছে এজাক মানুহ, আকৌ ক’ৰবাত শালিনতা হানি হৈছে জীয়ৰী-বোৱাৰীৰ ৷ এইবাৰ মানৱ সমাজক লজ্জিত কৰা এনে এক ঘটনাই পুনৰ সংঘটিত হ’ল মাজুলী গড়মূৰ জিলা অসামৰিক চিকিৎসালয়ত ৷