অসম

assam

ETV Bharat / state

বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 3PM

বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি

বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি
বিয়লি 3 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Dec 1, 2021, 3:08 PM IST

Mob lynching in Jorhat : যোৰহাট কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া

বুধবাৰৰ পুৱাৰে পৰা আনন্দৰ ঢল বৈছে যোৰহাট চহৰত ৷ এটাই মাথো কাৰণ- আছু নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু ৷ জিলাখনৰ সৰ্বত্ৰে এই সন্দৰ্ভত আনন্দ-উল্লাস পৰিলক্ষিত হৈছে ৷ বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ ক’লা ল’ৰাৰ মৃত্যু তথা এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ কুমাৰ জৈনে ৷

Omicron in Brazil : ব্ৰাজিলৰ দম্পতীৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি

ব্ৰাজিলত প্ৰথমবাৰলৈ দুগৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অ'মিক্ৰণৰ প্ৰকাৰ (Brazil reports first cases of Omicron variant) । এক দম্পতীৰ দেহত ধৰা পৰিছে এই নতুন প্ৰকাৰ । সষ্টম হৈছে ব্ৰাজিল চৰকাৰ ।

Dhubri Waqf Board Scam : সাংবাদিকৰ কেমেৰা দেখি আলমিৰাৰ ভিতৰত লুকাল চৰকাৰী বিষয়া

গোপন বৈঠকত সাংবাদিকৰ উপস্থিতি দেখি কেমেৰাৰ পৰা বাচিবলৈ আলমিৰাৰ ভিতৰত লুকাল এজন চৰকাৰী বিষয়া ৷ ধুবুৰী আৱৰ্ত ভৱনৰ মাটিয়াবাগ নামৰ কোঠাত ধুবুৰী ৱাকফ বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া(Chief executive officer of Dhubri Waqf Board)ৰে আন দুজনৰ চলিছিল এই গোপন বৈঠক(Private meeting of Dhubri Waqf Board officer) ৷ গোপন বৈঠকত মিলিত হৈ দুৰ্নীতিৰে ৱাকফ ব’ৰ্ডৰ মাটিত গোপনে প্ৰজেক্ট স্থাপন কৰাৰ সিদ্ধান্ত কৰা বুলি এক বিশেষ সূত্ৰে প্ৰকাশ পাইছে ৷

Mob lynching in Jorhat : অনিমেষ ভূঞালৈ নাৰায়ণপুৰ-বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি

ৰাজ্য জোকাৰি যোৱা অনিমেষ ভূঞা হত্যাকাণ্ড(Mob lynching in Jorhat)ৰ পিছতে শোকত বিহ্বল হৈ আছে সমগ্ৰ অসম ৷ নিহত ছাত্ৰনেতা গৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে ৰাজ্যবাসীয়ে দাবী জনাইছে আক্ৰমণকাৰীৰ উচিত শাস্তিৰ ৷ ইতিমধ্যে বুধবাৰে পুৱতি নিশা এক দুৰ্ঘটনাত মৃত্যুবৰণ কৰে এই কাণ্ডৰ মূল অভিযুক্তই ৷

BSF Day 2021 : বিএছএফৰ বাবে কিয় সফল ২০২১ চন ?

ভাৰতৰ বিভিন্ন স্থানত পালন কৰা হৈছে সীমান্ত সুৰক্ষা বাহিনীৰ ৫৭ তম প্ৰতিষ্ঠা দিৱস(BSF Day 2021) । জম্মু-কাশ্মীৰৰ সীমান্ত অঞ্চলত বিএছএফৰ ভূমিকা যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ ।

Two manipuri people with fake currency arrest : নকল নোটেৰে ভৰি পৰিছে মহানগৰীৰ বিভিন্ন স্থান

অপৰাধৰ ঘাটিলৈ পৰিণত হৈছে মহানগৰী ৷ নকল নোটসহ আৰক্ষীৰ জালত দুই মণিপুৰী যুৱক (Two manipuri people with fake currency arrest) ৷

Dhubri Waqf Board Scam : সাংবাদিকৰ কেমেৰা দেখি আলমিৰাৰ ভিতৰত লুকাল চৰকাৰী বিষয়া

গোপন বৈঠকত সাংবাদিকৰ উপস্থিতি দেখি কেমেৰাৰ পৰা বাচিবলৈ আলমিৰাৰ ভিতৰত লুকাল এজন চৰকাৰী বিষয়া ৷ ধুবুৰী আৱৰ্ত ভৱনৰ মাটিয়াবাগ নামৰ কোঠাত ধুবুৰী ৱাকফ বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া(Chief executive officer of Dhubri Waqf Board)ৰে আন দুজনৰ চলিছিল এই গোপন বৈঠক(Private meeting of Dhubri Waqf Board officer) ৷ গোপন বৈঠকত মিলিত হৈ দুৰ্নীতিৰে ৱাকফ ব’ৰ্ডৰ মাটিত গোপনে প্ৰজেক্ট স্থাপন কৰাৰ সিদ্ধান্ত কৰা বুলি এক বিশেষ সূত্ৰে প্ৰকাশ পাইছে ৷

অনিমেষ ভূঞা হত্যাকাণ্ডৰ ঘটনাক গৰিহণা দিবলৈ শব্দৰ অভাৱ : বিমল বৰা

বৰ্বৰতাৰ সীমা নেওচি হত্যা কৰা হ’ল এটা সেউজ সন্ধানী সপোনক ৷ সোমবাৰে ভৰ দুপৰীয়া সমগ্ৰ যোৰহাটবাসীক লজ্জিত কৰিব পৰাকৈ চহৰৰ মাজমজিয়াত দিন-দুপৰতে এজন ছাত্ৰ নেতাক হত্যা কৰা হ’ল (kola lora killed animesh bhuyan) ৷ মঙলবাৰে চৰাইদেউত মন্ত্ৰী বিমল বৰাই এই ঘটনাৰ শোক প্ৰকাশ কৰি এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ আশাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

World AIDS Day 2021 : বিশ্ব এইডছ দিৱস পালনৰ তাৎপৰ্য

প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয়(World AIDS Day) । বিশ্বজুৰি এইডছ দিৱস পালনৰ উদ্দেশ্য হৈছে ৰোগবিধৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ মানুহক সাাহস দিয়া(Purpose of World AIDS Day) ।

Prime accused of Mob lynching in jorhat killed : যোৰহাটৰ ক’লা অধ্যায়ৰ সমাপ্তি

যোৰহাটৰ গৰিমাত কালিমা সনা ক’লা ল’ৰাৰ মৃত্যুৰ বাবে সকলোৱে কৰা প্ৰাৰ্থনা স্বীকাৰ কৰিলে ভগৱানে ৷ আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীৰ অন্য এখন বাহনৰ সন্মুখত পৰি গুৰুতৰভাৱে আহত হৈ মৃত্যুমুখত পৰে ক’লা ল’ৰা (Prime accused of Mob lynching in jorhat killed) ৷ যোৰহাটৰ লগতে সমগ্ৰ অসমবাসীৰ প্ৰাৰ্থনা শুনিলে নেদেখাজনে ৷

ABOUT THE AUTHOR

...view details