তিনি মাহত ক’ভিডত মৃত্যু হোৱা লোকৰ 72 শতাংশই লোৱা নাছিল ভেকচিন
ৰাজ্যত 10 আগষ্টৰ পৰা 10 নৱেম্বৰলৈ ক’ভিড(Covid)ত আক্ৰান্ত হৈ 631 গৰাকী লোকৰ মৃত্যু হৈছে । মৃত্যু হোৱা এইসকল লোকৰ ভিতৰত 451 গৰাকীয়েই গ্ৰহণ কৰা নাছিল ক’ভিড ভেকচিন(Covid Vaccine) । আনহাতে 180 গৰাকীয়ে ক’ভিড ভেকচিন লোৱাৰ পাচতো ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিবলগীয়া হৈছে । জি এম চি এইচ(GMCH)ত বিগত তিনি মাহত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে 322 গৰাকী লোকৰ । ইয়াৰে 227 গৰাকী লোকেই ভেকচিন লোৱা নাছিল ।
অইলৰ ৰাসায়নিক দ্ৰব্যই বিনষ্ট কৰিছে খেতিপথাৰ; ক্ষুব্ধ জাগুনবাসী
দুলীয়াজানৰ 2 নং জাগুনত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি । অইল ইণ্ডিয়া লিমিটেড(OIL)ৰ তৈলখাদৰ বৰ্জিত বিষাক্ত ৰাসায়নিক দ্ৰব্য(Chemical) সংমিশ্ৰণ তেল ধাননি পথাৰত বিয়পি পথাৰত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে । অইল ইণ্ডিয়া লিমিটেডৰ একাংশ বিষয়া তথা কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ দোহাই দি ৰাইজৰ মাজত সৃষ্টি হৈছে এই হাহাকাৰ পৰিস্থিতিৰ ।
এইবাৰ নাঙল এৰি চাফাই কৰ্মীৰ ৰূপত বিধায়ক অখিল গগৈ
এমাহজোৰা চাফাই অভিযানেৰে হাতত ঝাড়ু লৈ চাফাই কামত ব্যস্ত বিধায়ক অখিল গগৈ(MLA Akhil Gogoi) । শিৱসাগৰ নগৰখনক এক আদৰ্শ পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ শীৰ্ষক অভিযান আৰম্ভ বিধায়কগৰাকীৰ ৷
আমগুৰিৰ বিদ্যালয়ত ক’ভিডৰ ত্ৰাস
আমগুৰিৰ দিকচু উচ্চ মাধ্যমিক বিদ্যালয় আৰু নামতি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত ক'ভিড-19 (Covid 19)ৰ সংক্ৰমণ ৷ বিদ্যালয়দুখনত দুজন শিক্ষক আৰু এগৰাকী শিক্ষয়িত্ৰীৰ শৰীৰত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ৷
ডিগবৈত নিষিদ্ধ ড্ৰাগছসহ ২ সৰবৰাহকাৰীক আটক
বৰ্তমান ৰাজ্যৰ জিলাই জিলাই অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । তথাপিও ভয় নাই ড্ৰাগছ সৰবৰাহকাৰীৰ । প্ৰতিদিনে মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা চলিয়েই আছে । বৃহস্পতিবাৰে ডিগবৈত আৰক্ষীৰ জালত পৰিল ২ ড্ৰাগছ সৰবৰাহকাৰী । আৰক্ষীৰ অভিযানত জব্দ হ'ল বুজন পৰিমাণৰ ড্ৰাগছ ।