Reshuffle in administration of Assam : ৰাজ্য প্ৰশাসনৰ শীৰ্ষ মহলত পদোন্নতি
ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ মহলত ১৮ গৰাকী আই এ এছ বিষয়াক পদোন্নতি দিয়া হৈছে (18 IAS officers from Assam promoted)। পদোন্নতি দিয়াৰ লগতে সামান্য সাল-সলনিও কৰা হৈছে । উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰক পদোন্নতি দিয়া হৈছে । বিত্ত আৰু পশু পালন বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰক অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ।
Phillobari Veterinary hospital: পয়া লগা অৱস্থাত পৰিণত ফিল’বাৰী পশু চিকিৎসালয়
জৰাজীৰ্ণ অৱস্থাতত পৰিণত হৈছে ফিল’বাৰী পশু চিকিৎসালয়খন ৷ কাণসাৰ নাই পশুপালন বিভাগ কিম্বা স্থানীয় বিধায়কৰ ৷ চিকিৎসালয়খনত এজন চিকিৎসক আছে যদিও বছৰৰ অৰ্ধেক দিনেই নাহে চিকিৎসালয়লৈ ৷ পশু চিকিৎসালয়খন ৰাইজৰ উপযোগী হোৱাকৈ পুনৰ উজ্জীৱিত কৰিবলৈ দাবী ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ (Phillobari Veterinary hospital) ৷
Corruption in Reforestation: পুনৰ বনানীকৰণৰ নামত পবা সংৰক্ষিত বনাঞ্চলত ব্যাপক দুৰ্নীতি
পবা বনাঞ্চলত গছপুলি ৰোপণৰ নামত সংঘটিত হৈছে ব্যাপক দুর্নীতি (Corruption in Reforestation) ৷ বৃক্ষৰোপণ আৰু পুনৰ বনানীকৰণৰ নামত লাখ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ কৰ্মজ্যোতি ফাৰ্মৰ বিৰুদ্ধে ৷ সেয়াহে তদন্ত কৰি ইয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
Guideline For New Year Celebration : নৱবৰ্ষত জনতাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ মৰিগাঁও জিলা প্ৰশাসন
মাজত মাথোঁ কেইটামান মুহুৰ্ত । পুৰণি বৰ্ষটোক বিদায় দি নৱবৰ্ষক আদৰিবলৈ সাজু ৰাজ্যবাসী । নৱবৰ্ষ উদযাপনৰ নামত যাতে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত নহয়, তাকে লৈ সষ্টম হৈছে জিলা প্ৰশাসনসমূহ । নৱবৰ্ষত জনতাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট কঠোৰ হৈছে মৰিগাঁও জিলা প্ৰশাসনো (Marigaon police strict on drink and drive) ।
IPS Sujoy Lal Thaosen :অসম সন্তান সুজয় লাল থাউচেনক অতিৰিক্তভাৱে BSFৰ সঞ্চালক প্ৰধান পদ
অসম সন্তান সুজয় লাল থাউচেন অতিৰিক্তভাৱে সীমান্ত নিৰাপত্তা বাহিনীৰ সঞ্চালক প্ৰধানৰ পদত অধিস্থিত হ’ল ৷ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰধান হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে সুজয় লাল থাউচেনে (IPS Sujoy Lal Thaosen)৷