Assam CM in Dibrugarh:অসম পেট্ৰ'কেমিকেলৰ নতুন প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
ডিব্ৰুগড় ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই শণিবাৰে পৰিদৰ্শন কৰিলে নামৰূপস্থিত অসম পেট্ৰ'কেমিকেল লিমিটেডৰ নতুন প্ৰকল্পটো (CM visited Assam Petrochemical Limited)। নিৰ্মীয়মাণ ৫০০ টন উৎপাদনক্ষম মিথানল প্ৰকল্পটো মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে । এই প্ৰকল্পটো পৰিদৰ্শন কৰি প্ৰকল্পটোৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma at Dibrugarh)।
Asam Sahitya Sabha election results 2022: খোল খালে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বেলট বাকচ
অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বেলট বাকচ খোলা হৈছে । লগে লগে নলবাৰী পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে নিৰ্বাচনৰ ভোট গণনা (Asam Sahitya Sabha Election vote counting)। অসম সাহিত্য সভাৰ তিনিটাকৈ পদৰ বাবে নিৰ্বাচনৰ ভোটগণনা আৰম্ভ কৰিবলৈ সাজু নিৰ্বাচনী বিষয়া ।
Assam Assembly winter Session: অসম বিধানসভাত অপৰাধীৰ সমৰ্থনকাৰী আছে: বিধায়ক ৰূপজ্যোতি কুৰ্মী
অপৰাধ তথা এনকাউণ্টাৰৰ প্ৰসংগকলৈ উত্তপ্ত সদন (Assam Assembly winter Session)। এঘণ্টাৰ বাবে স্থগিত সদন । অপৰাধ তথা অপৰাধীৰ সমৰ্থন কৰা প্ৰতিজন বিৰোধী বিধায়কৰ বিৰুদ্ধে চি বি আই তদন্ত কৰাৰ দাবী ৰূপজ্যোতি কুৰ্মীৰ ।
ARSU laid foundation stone: বকোত ARSU ৰ অধিৱেশনৰ লাইখুটা স্থাপন
নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ লগতে সহযোগী সংগঠনৰ উদ্যোগত শুকুৰবাৰে অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়(ARSU laid foundation stone of session in Boko) । লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত কৃৰ্তি জলী(Kamrup District DC Krirti Jolly) । ৰাভা জনগোষ্ঠীয় পোছাক পৰিধান কৰি উপায়ুক্ত কৃৰ্তি জলীয়ে আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে । উল্লেখ্যে যে ২০২৩ ৰ ফেব্ৰুৱাৰীৰ ৩, ৪ আৰু ৫ তাৰিখে বকোৰ জননেতা সব্যসাচী ৰাভা ছৌমৌৰছিনিদামত অনুষ্ঠিত হ'ব কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি(15th Biennial Session of Rabha Students Union) ।
Sikkim gorge accident : ছিকিমৰ দুৰ্ঘটনাত মৃত সৈনিকক বাগডোগ্ৰাত শ্ৰদ্ধাঞ্জলি
শনিবাৰে বাগডোগ্ৰা বিমানবন্দৰৰ কাৰিকৰী এলেকাত মৃত সৈনিকসকলৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ব (Tributes paid to soldier killed in accident in Bagdogra)। শুকুৰবাৰে পুৱা উত্তৰ ছিকিমৰ জেমাত সংঘটিত দুৰ্ঘটনাত ১৬ গৰাকী জোৱানৰ মৃত্যু হৈছিল ।