জনীয়াত একেদিনাই ৩ টাকৈ প্ৰকল্পৰ শুভ উদ্বোধন
জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে একেদিনাই সমষ্টিটোত কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰে (3 new project inauguration in Jania)। বৰপেটা অসামৰিক চিকিৎসালয়ৰ এটা পথৰ লগতে আন দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কামৰ শুভ উদ্বোধন কৰে ।
নাৰায়ণপুৰত চাঞ্চল্যকৰ ডকাইতি কাণ্ড
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কাচিকতা দেউৰী গাঁৱত নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড(Robbery took place in Narayanpur) । সত্য হাজৰিকা নামৰ এজন ৰাইচ মিলৰ ব্যৱসায়ীক নিশা ৯ মান বজাত বিহপুৰীয়াৰ পৰা বাইকেৰে শ্ৰীভূঞাৰ নিজ গৃহলৈ আহি থকাৰ পথত সংঘটিত হয় এই ডকাইতি কাণ্ড ।
তিনিটি বিশেষভাৱে সক্ষম শিশুৰ সৈতে চামগুৰিৰ নিঠৰুৱা এটা পৰিয়াল
নগাঁও জিলাৰ চামগুৰিৰ এটা দুৰ্ভগীয় আৰু চৰকাৰী সুবিধাৰ পৰা বঞ্চিত এটা পৰিয়াল । তিনিটাকৈ বিশেষভাৱে সক্ষম শিশু থকাৰ পাছতো চৰকাৰৰ আঁচনিৰ পৰ্যাপ্ত সুবিধা পোৱা নাই পৰিয়ালটোৱে (Nagaon poor family)। পৰিয়ালটোক সহায়ৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান বিভিন্নজনৰ ।
হত্যাকাণ্ডক লৈ উত্তাল নগাঁও সদৰ আৰক্ষী থানা
নগাঁও সদৰ থানাত উত্তপ্ত পৰিস্থিতি (Nagaon police station agitated over murder)। নিশা নগাঁও আৰক্ষীয়ে আটক কৰিছিল হত্যাকাণ্ডত অভিযুক্ত তিনি ব্যক্তিক। আৰিয়ান লস্কৰ নামৰ এজন যুৱকক তিনি বন্ধুৱে হত্যা কৰাৰ অভিযোগ।
গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী গৃহৰক্ষী জোৱান
গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী গৃহৰক্ষী জোৱান (Rhinoceros attack Home guard)৷ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত টুনিকাটি বন শিবিৰত কৰ্মৰত জোৱানজনৰ নাম সুচেন্দ্ৰ বৰা ৷ পুৱা কৰ্তব্য সমাপন কৰি বন শিবিৰলৈ উভতি অহাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷