অসম

assam

1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Apr 1, 2022, 1:02 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি
1 বজাৰ শীৰ্ষ দহটা বাতৰি

ব্ৰহ্মপুৱাই মুখ্যমন্ত্ৰীৰ ঘৰত AIUDF ৰ ৫ বিধায়ক কিয় : প্ৰশ্ন কংগ্ৰেছৰ

ৰাজ্যসভাৰ দুয়োখন আসনতে শাসকীয় পক্ষৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে জয়লাভ কৰে । বিজেপিয়ে এই নিৰ্বাচনত কেৱল জয়লাভ কৰাই নহয়, বিৰোধীকো একপ্ৰকাৰ থান বান কৰি পেলালে (BJP succeed to break opposition unity)৷

প্ৰথমবাৰৰ বাবে এনে অপৰিপক্ক বিৰোধীৰ ৰাজনীতি দেখিলো : হিমন্ত বিশ্ব শৰ্মা

বৃহস্পতিবাৰে মাজনিশা ঘোষিত ৰাজ্যসভাৰ দুয়োখন আসনতে শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মিত্ৰ দল ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে জয়লাভ কৰে(BJP won both the Rajya Sabha seats in Assam) । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে এই ফলাফল অৱধাৰিত আছিল বুলি উল্লেখ কৰে ৷

ৰাজ্যসভা লৈ নিৰ্বাচিত হৈ বিটিআৰৰ ভূমিত উপস্থিত ৰণগৌৰা নাৰ্জাৰী

ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈ শুকুৰবাৰে পুৱা প্ৰথমবাৰৰ বাবে বিটিআৰৰ ভূমিত উপস্থিত হয় ৰণগৌৰা নাৰ্জাৰী(Rwngwra Narzary visit BTR) । নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদগৰাকীক(Rwngwra Narzary being elected as Rajya Sabha MP) বৰমাত বিপুল আদৰণি জনায় দলীয় সমৰ্থকে ।

LPG cylinder price hike : পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি

১ এপ্ৰিলৰ পৰা ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰত ২৫০ টকাকৈ বৃদ্ধি পালে (Commercial LPG cylinder price hike)। এতিয়াৰে পৰা একোটা চিলিণ্ডাৰৰ মূল্য হ'ব ২,২৫৩ টকা অৱশ্যে, ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱা নাই ।

লখিমপুৰৰ চেইন্ট মেৰীজ স্কুলৰ ভূমি বেদখলৰ অভিযোগ

সত্ৰৰ ভূমি বেদখলৰ পাচত এইবাৰ বেদখল হৈছে বিদ্যালয়ৰ ভূমি (School Land Enchrochment) ৷ জানিব পৰা মতে, এইবাৰ ভূমি বেদখলৰ কবলত পৰিছে লখিমপুৰৰ চেইন্ট মেৰীজ স্কুল ৷ এই অভিযোগ তুলিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোণাৰিত APCC ৰ প্ৰতিবাদ

‘‘মেহেংগাই মুক্ত ভাৰত অভিযান’’ শীৰ্ষক প্ৰতিবাদেৰে উত্তাল হৈ পৰিল সোণাৰি ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ সোণাৰিত প্ৰতিবাদত বহিল চৰাইদেউ জিলা কংগ্ৰেছ (APCC protest at Sonari) ৷ ৰাজ্যসভা নিৰ্বাচনৰ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰে পেট্ৰ’ল-ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি (Price hike in Assaam )ৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে সোণাৰিত অসম প্ৰদেশ কংগ্ৰেছে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ ।

অৰুণাচলৰ তিনিখন জিলাত পুনৰ ৬ মাহলৈ বলৱৎ AFSPA

শেহতীয়াকৈ উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যৰ কেইবাটাও অঞ্চলত AFSPA প্ৰত্যাহাৰ কৰা হৈছে । অৱশ্যে অৰুণাচল প্ৰদেশৰ তিনিখন জিলাক পুনৰ ৬ মাহলৈ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে (3 districts of Arunachal Pradesh declared disturbed areas)। অসম সীমান্তৰ নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলতো AFSPAৰ ম্যাদ বৃদ্ধি কৰিছে ।

AFSPA মুক্ত হ’ল অসমৰ ৬০ শতাংশ অঞ্চল

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন । সাহসী আৰু ঐতিহাসিক পদক্ষেপৰ বাবে প্ৰধানমন্ত্রী আৰু গৃহমন্ত্রীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰীৰ । অসমক বিকাশৰ গতিত আৰু অধিক আগুৱাই যোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমক অশান্ত অঞ্চলৰ পৰা মুক্ত কৰিলে (Govt removes AFSPA from 60% areas of Assam) ।

Assam Rajya Sabha election result 2022 : দুয়োখন আসনতে জয়লাভ বিজেপি মিত্ৰজোঁটৰ

বৃহস্পতিবাৰে মাজনিশা ঘোষণা কৰা হয় ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল 2020 (Assam Rajya Sabha Election Results 2022) । ৰাজ্যসভাৰ দুয়োখন আসনতে শাসকীয় পক্ষৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে জয়লাভ কৰে ।

ৰাজ্যসভা নিৰ্বাচনতো বিধস্ত: অসমৰ পৰা নাথাকিল কোনো কংগ্ৰেছ সাংসদ

ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ৷ দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত জয়লাভ কৰে বিজেপি আৰু মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী দুগৰাকীয়ে ৷ বিগত কেইবাটাও দশকৰ পিছত এইবাৰ ৰাজ্যসভাত অসমৰ পৰা নাথাকিব কোনো কংগ্ৰেছ প্ৰতিনিধি (Congress fiasco in Rajya Sabha election of Assam) ।

ABOUT THE AUTHOR

...view details