অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি
11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Dec 9, 2022, 11:00 AM IST

Drugs seized : খটখটীত ৭ কোটি টকাৰ ড্ৰাগছ জব্দ

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্ততো অসম আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । এনে অভিযানৰ মাজতে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ'ল কাৰ্বি আংলং আৰক্ষী ।

Arms Recovered in Udalguri : মাজবাট আৰক্ষীৰ অভিযানত উদ্ধাৰ ৰাইফলসহ সজীৱ গুলী

মাজবাট আৰক্ষীৰ সফলতা ৷ বৃহস্পতিবাৰে বিয়লি মাজবাটৰ চিকাৰিডাঙাত মাজবাট আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ কৰা হয় এটা AK 56 ৰাইফলসহ ২০ জাই সজীৱ গুলী (Arms Recovered from Mazbat) ৷

CM meeting at Tingkhong : টিংখাঙত মুখ্যমন্ত্ৰীৰ অনুষ্ঠান, প্ৰস্তুতিৰ বুজ ল'লে দুই কেবিনেট মন্ত্ৰীয়ে

ডিব্ৰুগড় জিলাৰ টিংখাঙত অহা ১৬ ডিচেম্বৰত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । টিংখাঙৰ কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত এক বিশাল ৰাজহুৱা সভাত অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM to attend public meeting in Tingkhang) । যাৰ বাবে ইতিমধ্যে অনুষ্ঠানৰ প্ৰস্তুতি তুংগত উঠিছে ।

Gujarat ne to kamaal hi kardiya: নৰেন্দ্ৰই কঠোৰ পৰিশ্ৰম কৰিছিল যাতে ভূপেন্দ্ৰই অভিলেখ ভংগ কৰিব পাৰে; মোদী

"বিজেপি গুজৰাটৰ প্ৰতিটো ঘৰ-পৰিয়ালৰ অংশ ৷ মই প্ৰতিশ্ৰুতি দিছিলোঁ যে, ভূপেন্দ্ৰই যাতে নৰেন্দ্ৰৰ অভিলেখ ভংগ কৰিব পাৰে তাৰ বাবে নৰেন্দ্ৰই নিজে কঠোৰ পৰিশ্ৰম কৰিব । ভূপেন্দ্ৰই সঁচাকৈয়ে অভিলেখ ভংগ কৰিছে ।" গুজৰাটত বিশাল বিজয়ৰ পাচত প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয় (PM Narendra Modi address from party headquarters)।

Congress defeat in Gujarat: আৰু বহু দূৰ বাট যাবলৈ বাকী: খাৰ্গে

‘‘আমি পৰাজয় মানি লৈছোঁ । গণতন্ত্ৰত কোনো বিশেষ জয় বা পৰাজয় স্থায়ী নহয় । আমি ফলাফলসমূহ পৰ্যালোচনা কৰি আমাৰ অভাৱসমূহ দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিম । কিন্তু আমি আমাৰ মতাদৰ্শগত যুঁজ এৰিবলৈ যোৱা নাই । আমি যুঁজি যাম ।’’ গুজৰাট নিৰ্বাচনত দলটোৱে শোচনীয়ভাৱে পৰাজয় বৰণ কৰাৰ পিচত এইদৰে কয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে (Gujarat election results)৷

Thieves escape from Dhemaji: আৰক্ষী চকুত ধূলি দি পলায়ন কৰা হৰেনে আকৌ ধৰা খালে

ধেমাজিত অঘটন ৷ কৰ্তব্যৰত আৰক্ষী চকুত ধূলি দি ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন চিকিৎসাধীন হৈ থকা ধৃত আচামী (Thieves escape from Dhemaji) ৷

Thieves terror in Nagaon : ফুট-গধূলিতে নগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস

অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগাঁও চহৰ (Crime in Nagaon) ৷ দিনক-দিনে যেন নগাঁৱত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক কাৰ্যকলাপ ৷ ড্ৰাগছ, হাত্যাকাণ্ডৰ পাচত এইবাৰ নগাঁৱত চিলনী চোৰে চলাইছে সন্ত্ৰাস ৷ বৃহস্পতিবাৰে নগাঁৱত ফুট-গধূলিতে সংঘটিত হয় এক চুৰিকাৰ্য (Thieves terror in Nagaon)। মমি শইকীয়া নামৰ এগৰাকী মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিছিল এডাল সোণৰ চেইন (Thieves Stole Jewellery)।

Apad Mitra Scheme: প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আপদ মিত্ৰ

ভাৰত চৰকাৰৰ এক দুৰ্যোগ প্ৰশমন সম্পর্কীয় আঁচনি আপদ মিত্ৰৰ (Apad mitra Scheme) সফল ৰূপায়ণৰ বাবে দুদিনীয়া কৰ্মশালাৰ আয়োজন (Two day national level workshop) ৷

Golden Jubilee Year celebrated: গোলাঘাটৰ ৰংবঙৰ মহাপুৰুষীয়া পালনাম থানত সোণালী জয়ন্তী বৰ্ষ উদযাপন

গোলাঘাট জিলাৰ ৰংবংস্থিত একশৰণ ভাগৱতী সমাজ, অসমৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষ প্ৰতিষ্ঠা দিৱস (Golden Jubilee Year celebrated)উপলক্ষে ৫ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈকে অৰ্থাৎ ৫ দিনীয়াকৈ জপ-যজ্ঞ, মহাপালনাম কীৰ্তন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে(Mahapurushiya Palanam Than in Golaghat) ৷

Scotty distribution in Dibrugarh : ডিব্ৰুগড়ৰ ৬৭০ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক স্কুটী প্ৰদান

উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয় ৷

ABOUT THE AUTHOR

...view details