DU Ragging Case : ৰেংগি কমিটীৰ ওচৰত ভাষ্য প্ৰদান উপাচাৰ্যৰ
আজিও চৰ্চাত আছে ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড (DU Ragging Case) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ উচিত তদন্তৰ বাবে এখন কমিটী গঠন কৰা হৈছিল (Anti ragging commitee of Dibrugarh University) । শুকুৰবাৰে নিশা এই কমিটীৰ ওচৰত ভাষ্য প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই (VC of DU giving statement on ragging) ।
Wild elephant attack : গোলাঘাটৰ মৰঙিত বন্যহস্তীৰ আক্ৰমণত আহত কিশোৰ
গোলাঘাট জিলাৰ মৰঙিৰ উদয়ন চাহ বাগিচাত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ অঘটন (Elephant attack at Udayan Tea Estate) । বন্যহস্তীৰ আক্ৰমণত আহত হয় এটি কিশোৰ । উত্তম তাঁতী নামৰ কিশোৰটি উদয়ন চাহ বাগিচাৰে বুলি জানিব পৰা গৈছে ।
UPPL workers busy in paddy fields: ৰাজনীতিৰ পথাৰ এৰি ধাননিৰ পথাৰত এইবাৰ UPPL কৰ্মী
নলবাৰীৰ ধমধমাৰ সমীপৱৰ্তী গোৱালবিলৰ ধাননি পথাৰত ব্যস্ত UPPLৰ কৰ্মীসকল(UPPL workers busy in paddy fields) । হাতত কাঁচি লৈ আঘোনৰ সোনোৱালী শস্য চপোৱাত ব্যস্ত হৈ আনন্দত মতলীয়া হৈ পৰিছে UPPLৰ দলীয় কৰ্মীসকল ।
Brick Kiln Accident update: কালাইনত ইটা ভাটাত দুৰ্ঘটনা, মৃতকৰ সংখ্যা 5 জনলৈ বৃদ্ধি
শুকুৰবাৰে কালাইনত ইটা ভাটাত সংঘটিত হয় এক দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত বৰ্তমানলৈকে শিশুসহ নিহত হৈছে পাঁচজন লোক (kalain Brick Kiln Accident) ৷ ইটা নিৰ্মাণৰ বাবে চিমনিত জুই দিয়াৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে (Brick Kiln Chimney break in Cachar) ৷
Sukapha Divas Celebration: নতুন দিল্লীত সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আৱাসত অসম দিৱস উদযাপন
নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আৱাসত অসম দিৱস উদযাপন(Assam Day celebration in Delhi) । মহান স্বৰ্গদেউ চাওলুং চ্যু-কা-ফাই বৰ অসমৰ ভেটি গঢ়ি যোৱাৰ বাবেই বৃহত্তৰ অসমীয়া জাতিয়ে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বুকুত শক্তিশালী ৰূপত পৰিচয় দিব পাৰিছোঁ বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ।