ব্ৰাহ্ম'ছ মিছাইলৰ আন এক সফল পৰীক্ষণ
শত্ৰুপক্ষৰ সন্মুখত আন এক প্ৰত্যাহ্বান । এতিয়াৰে পৰা ভাৰতে অতি দূৰত্বত থকা শত্ৰুকো আক্ৰমণ কৰিব পাৰিব । Su-30 MKI যুঁজাৰু বিমানৰ পৰা ব্ৰাহ্ম'ছ এয়াৰ লঞ্চ মিছাইলেৰে আক্ৰমণ কৰিব পাৰিব ভাৰতে (BrahMos air launched Missile from Su 30 MKI fighter aircraft)। শেহতীয়া এক পৰীক্ষণৰ পাছতে দেশজুৰি বায়ু সেনাক প্ৰশংসা ।
পানীৰ তলত ডুব গ'ল স্মাৰ্ট মহানগৰখন
মহানগৰীত আকৌ কৃত্ৰিম বান (Artificial flood in Guwahati) ৷ এজাক বৰষুণতে বানত ডুব গ’ল স্মাৰ্ট মহানগৰখন ৷ এই বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে ৷
Ranil Wickremesinghe takes oath as Sri Lanka PM: সক্ষম হ'বনে শ্ৰীলংকাক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ?
সংকটৰ মাজতে শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে ৰনিল ৱিক্ৰমসিংঘে (Ranil Wickremesinghe takes oath as Sri Lanka PM)। দেশখনক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ৱিক্ৰমসিংঘে সক্ষম হ'ব নে নহয় তাক লৈ বৰ্তমান দেশখনত চৰ্চা চলিছে । চৰকাৰে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সৈতে বেলআউট পেকেজৰ আলোচনা কৰিছে ।
আজি গুৱাহাটীত বন্ধ থাকিব পেট্ৰ’ল পাম্প
নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েশ্যন ঘোষণা কৰিছে এই কথা(Petrol pump to remain closed in Guwahati today) ৷ তেল কোম্পানীবোৰে প্ৰাপ্য আদায় নিদিয়াৰ প্ৰতিবাদত গুৱাহাটীত পেট্ৰ’ল পাম্প বন্ধৰ ঘোষণা এছ'চিয়েশ্যনৰ ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ গৰ্জন
ৰাজ্যজুৰি সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ প্ৰতিবাদ (AMSSU protest across the state against price hike) ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ’লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি বিৰোধিতাৰে আমছুৰ প্ৰতিবাদত উত্তাল হ’ল ৰাজ্য ৷